এহাল বৃদ্ধ দম্পতিৰ বাবে আতংকৰ কাৰণ হৈছে উঠিছে নিজৰেই পুত্ৰ : শকলিৰে বান্ধি থোৱা হৈছে পুত্ৰক

কিমান মৰ্মাহত হ’লে এহাল বৃদ্ধ দাম্পতিৰ দুহাল চকুৰে নিগৰিব পাৰে তপত চকুলো! জীৱনত কিমান দুখৰ তিক্ততাপূৰ্ণ দিন পাৰ কৰিলে ক’ব পাৰে “আৰু মানুহৰ জন্ম নালাগে প্ৰভূ… কিয় ইমান দুখ দিছে ভগবানে..!”

এনে এক অন্তহীন হতাশা আৰু চৰম বিপৰ্যয়ৰ মাজত এতিয়া দিন পাৰ কৰিছে নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্ত্তী তেলীয়াগাঁৱৰ এহাল সত্তৰ উৰ্ধ্বৰ বৃদ্ধ-বৃদ্ধায়ে।

এখন ঘৰ থাকিও নিশা কটাইছে চুবুৰীয়াৰ চৌহদত, এজন পুত্ৰ থাকিও দুবেলা দুমুঠিৰ বাবে বৃদ্ধ দাম্পতিয়ে কৰিলগীয়া হৈছে হাহাকাৰ।

চকুৰ সন্মুখতে যেন তিলতিলকৈ নিঃশেষ হৈ গৈছে বৃদ্ধ-বৃদ্ধা হালে গাঁঠিৰ ধন ভাঙি সজা হেঁপাহৰ ঘৰখন, ভিতৰৰ এপদ এপদ কষ্টোপাৰ্জিত সা-সামগ্ৰীও।

কাৰণ বৃদ্ধ দাম্পতি হালৰ একমাত্ৰ মেধাৱী পুত্ৰ বিগত কেইবা বছৰ ধৰি ৰোগীয়া। দহ বছৰ পূৰ্বে হাইদৰাবাদৰ পৰা ওভতি অহাৰ পিছৰ পৰায়ে পুত্ৰ পাপুল শইকীয়া মানসিক ভাৱে ভাৰাসাম্যহীন হৈ পৰাৰ পৰিণতিত এতিয়া প্ৰতি মুহুৰ্ততে আতংকিত হৈ থাকিব লগীয়া হৈছে পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী।

মানসিক ভাৰাসাম্যহীন উদণ্ড পাপুলে নিজৰ ঘৰৰে সমূহ সা-সামগ্ৰীৰ সমুলঞ্চে বিনষ্ট কৰাৰ উপৰিও বৃদ্ধ দাম্পতিৰ একমাত্ৰ উপাৰ্জনৰ থল স্বৰূপ ঘৰৰ সন্মুখৰ দোকান খনো ভাঙি লণ্ডভণ্ড কৰাত এতিয়া চৰম বিপাঙত পৰিছে নিঃসহায় বৃদ্ধ-বৃদ্ধা হাল।

ইফালে কেৱল নিজৰ ঘৰতে নহয়, চৰম উদ্ভণ্ডালিৰে ওচৰ চুবুৰীয়াকো নিতৌ যথেষ্ট অসুবিধাত পেলাইছে ৰোগীয়া পাপুলে।

নিজ পিতৃ মাতৃ, চুবুৰীয়াক বহু সময়ত উপৰ্যুপৰি আক্ৰমণ কৰি কেইবাবাৰো আহত কৰাত বৰ্তমান চৰম নিৰাপত্তাহীনতাত ভুগিছে বৃদ্ধ দাম্পতি হালৰ লগতে সমীপৱৰ্ত্তী বহু সংখ্যক পৰিয়ালো।

যুৱক জনক তেজপুৰ মানসিক চিকিৎসালয়ে বহু কেইমাহ ৰখি পুনৰ ঘৰলৈ পঠিয়াই দিয়াৰ পিছত নিতৌ উপদ্ৰৱ কৰিবলৈ ধৰিছে পিতৃ-মাতৃৰ লগতে চুবুৰীয়াৰ ওপৰত।

উপায়ন্তৰ হৈ চুবুৰীয়াই বিষয়টোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে বহুবাৰ স্থানীয় আৰক্ষী তথা প্ৰশাসনক কাকূতি-মিনতি কৰিও কোনো পল পোৱা নাই।

ফলত উপায়ন্তৰ হৈ স্থানীয় একাংশ লোকে যুৱকজনক লোৰ শিকলিৰে বান্ধি থৈছে নিজৰ ঘৰতে।

অৱশ্যে শীঘ্ৰে মানসিকভাৱে বাধাগ্ৰস্ত যুৱক জনক উপযুক্ত চিকিৎসা আৰু আশ্ৰয় প্ৰদান কৰি পৰিয়ালটোৰ লগতে ওচৰ-চুবুৰীয়া ৰাইজক বিপদমুক্ত কৰিবৰ বাবে প্ৰশাসনক কাতৰ আহ্বান জনাইছে স্থানীয় লোকে।

The post এহাল বৃদ্ধ দম্পতিৰ বাবে আতংকৰ কাৰণ হৈছে উঠিছে নিজৰেই পুত্ৰ : শকলিৰে বান্ধি থোৱা হৈছে পুত্ৰক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/32v5Yz3
via IFTTT

Comments