‘শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ কথা ভাৱিয়েই পতা হৈছে জে ই ই আৰু NEET পৰীক্ষা…’

ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে জে ই ই আৰু NEET পৰীক্ষা অনুষ্ঠিত কৰাক লৈ অব্যাহত আছে বিৰ্তক। এই বিৰ্তকক লৈ শেহতীয়াকৈ মুখ খুলিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিৱালে। তেওঁ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কয়, এই সময়ত শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকল অধিক চিন্তিত হৈ আছে। তেওঁলোকেই বিচাৰিছে যে এই পৰীক্ষা হওঁক। গতিকে লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, অহামাহত অনুষ্ঠিত হবলগীয়া এই পৰীক্ষাৰ বাবে ইতিমধ্যে ৮০শতাংশ শিক্ষাৰ্থীয়ে অনলাইন এডমিট ডাউনলোড কৰিছে বুলি জানিবলৈ দিয়ে তেওঁ।

The post ‘শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ কথা ভাৱিয়েই পতা হৈছে জে ই ই আৰু NEET পৰীক্ষা…’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YxUzgO
via IFTTT

Comments