১৬ বছৰৰ মূৰত ‘বাৰ্চিলোনা’ এৰাৰ মন মেলিছে বিশ্বৰ ষ্টাৰ ফুটবলাৰ লিঅ’নেল মেছিয়ে
স্পেনিছ ফুটবল ক্লাব বাৰ্চিলোনা আৰু বিশ্বৰ ষ্টাৰ ফুটবলাৰ লিঅ’নেল মেছিক এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি বুলি জনা যায় যদিও আগন্তুক ছিজনৰ পৰা মেছি আৰু বাৰ্চিলোনাৰ পথ বেলেগ বেলেগ হোৱাৰ সম্ভাৱনাই দেখা দিছে।
বাৰ্চিলোনাৰ হৈ শ-শ গ’ল দিয়া আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খিতাপ অৰ্জন কৰা মেছিয়ে ক্লাবক এখন পত্ৰৰ জৰিয়তে দল এৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।
ধাৰণা কৰা অনুসৰি সদ্য সমাপ্ত চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেলত বেয়াৰ্ণ মিউনিখৰ বিৰুদ্ধে বাৰ্চিলোনাৰ লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ বাবেই মেছিয়ে এই সিদ্ধান্ত লয়।
ইফালে, মেছিয়ে যে এখন পত্ৰৰ জৰিয়তে বাৰ্চিলোনা এৰাৰ মন মেলিছে সেই কথা ক্লাব কৰ্তৃপক্ষই স্বীকাৰ কৰিছে।
কিন্তু ক্লাব কৰ্তৃপক্ষই এই সন্দৰ্ভত আইনী যুঁজৰ সংকেত দিয়াৰ লগতে মহান ফুটবলাৰজনক ক্লাব এৰি যোৱাৰ অনুমতি প্ৰদান নকৰে বুলিও কয়।
৩৩ বছৰীয়া আৰ্জেণ্টিনাৰ লিঅ’নেল মেছিয়ে ১৬ বছৰ ধৰি স্পেনিছ ফুটবল ক্লাব বাৰ্চিলোনাৰ সৈতে চুক্তিবদ্ধ হৈ আছে।
মেছিয়ে ক্লাবৰ হৈ ১০ বাৰ স্পেনিছ খিতাপ, ছয়বাৰ বেলন ডি অ’ৰ ৗআৰু চাৰিবাৰ চেম্পিয়নছ লীগপ খিতাপ দখল কৰিছে।
উল্লেখ্য যে বিভিন্ন সূত্ৰত প্ৰকাশ পোৱা অনুসৰি মেছিয়ে ফ্ৰান্সৰ ক্লাব পি এছ জিত যোগ দিয়াৰ সম্ভাৱনা আছে।
The post ১৬ বছৰৰ মূৰত ‘বাৰ্চিলোনা’ এৰাৰ মন মেলিছে বিশ্বৰ ষ্টাৰ ফুটবলাৰ লিঅ’নেল মেছিয়ে appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2Esjyez
via IFTTT
Comments
Post a Comment