ইন্দ্ৰক লাগে আপোনাৰ কিঞ্চিত সহায়…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: এটা কনমানি দেৱ শিশু । ৫ মহীয়া দেৱ শিশুটিৰ নাম ইন্দ্ৰ । এই কনমানি ল’ৰা সন্তানটোক লৈ আজি দিশহাৰা হৈ পৰিছে এহাল দৰিদ্ৰ পিতৃ-মাতৃ । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰ আঠাবাৰী গাঁৱৰ দিপক শইকীয়া আৰু দুলুমনি দাসৰ পুত্ৰ এই কনমানী দেৱশিশুটি । যি সময়ত তাৰ বয়সৰ অন্য কনমানিয়ে কলকলাবলৈ আৰম্ভ কৰিছে,হাঁহিবলৈ আৰম্ভ কৰিছে ।

আনন্দত আত্মহাৰা হৈ পৰিছে পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজন ঠিক তেনে সময়তে এই কনমানি সন্তানটোক লৈ আজি দিশহাৰা হৈ পৰিছে পিতৃ-মাতৃ । নিজৰ সন্তানটোৰ ভবিষ্যতৰ কথা ভাবি চকুলো নিগৰাইছে এই হাল দৰিদ্ৰ পিতৃ-মাতৃয়ে । জন্মতেই অসুস্থ এই কনমানি সন্তানটোৰ অৱস্থা দেখিলে আপোনাৰো চকুলো নিগৰি আহিব ।

জন্মগত ভাবে কনমানি টোৰ দুয়োখন ভৰি বিকল । নিজে লৰ চৰ কৰিব নোৱাৰে ভৰি দুখন । সাধাৰণ ভাবে জন্ম গ্ৰহণ কৰা সন্তানটোক ইতিমধ্যে স্থানীয় ভাবে বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিছে যদিও কোনো সু-ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই দুৰ্ভগীয়া পৰিয়ালটো ।

চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অথবা গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিছিল যদিও সেয়া দৰিদ্ৰ পৰিয়ালটোৰ বাবে সম্ভৱ নহ’ল । দিন হাজিৰা কৰি কোনো মতে পৰিয়াল পোহপাল দি অহা পৰিয়ালটোৰ মুৰব্বী দিপক শইকীয়া আজি বাকৰুদ্ধ ।

কনমানিটোৰ ভবিষ্যতক লৈ অধিক চিন্তিত হৈ পৰা দৰিদ্ৰ পৰিয়ালটোৰ বাবে আজি প্ৰয়োজন হৈছে আপোনাৰ-মোৰ কিঞ্চিত সহায়ৰ । কনমানিটোক সুস্থ কৰি তোলাৰ স্বাৰ্থত দুৰ্ভগীয়া পৰিয়ালটোৱে কোনো হৃদয়বান লোকৰ কিঞ্চিত সহায় বিছাৰি কাতৰ আহ্বান জনাইছে ।

আপুনি যদি এই কনমানিটোৰ চিকিৎসাৰ বাবে সহায় কৰিব খোজে তেন্তে-7637954002 এই ফোন নম্বৰত যোগাযোগ কৰাৰ লগতে মাতৃ দুলুমনি দাসৰ নামত ষ্টেত বেংকৰ নাৰায়ণপুৰ শাখাত থকা A/C No- 38544465740(IFSC-SBIN0017208) ত ধন জমা কৰিব পাৰিব ।

আনহাতে সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে ওচৰ-চুবুৰীয়াই । এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিবৰ্তন হোৱা বুলি সভাই-সমিতিয়ে দম্ভালি মাৰি অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দেৱ শিশু টোৰ খবৰ লবলৈ আহৰি পাবনে…?

The post ইন্দ্ৰক লাগে আপোনাৰ কিঞ্চিত সহায়… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30nGl3G
via IFTTT

Comments