গণ সংক্ৰমণ! হাফলং চিভিল হাস্পাতালৰ ৰোগীৰ শৰীৰত কোভিড-১৯পজিটিভ
ডিমা হাছাও জিলাত কৰ’না গ্ৰাফ তললৈ নামি আহিছিল যদিও শুকুৰবাৰে আৰু শনিবাৰে নতুনকৈ অহা মুঠ পোন্ধৰটা কোভিড পজিটিভৰ ঘটনাই ৰাইজৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।
শনিবাৰে ডিমা হাছাও জিলাত মুঠ ছয়গৰাকী পজিটিভ পোৱা গৈছে। ইয়াৰ ভিতৰত আছে তিনি গৰাকী আৰক্ষী কনিষ্টবল আৰু দুগৰাকী লাংটিং আৰু মাইবাঙৰ চাইদিং এলেকাৰ।
আনহাতে, এগৰাকী হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীৰ দেহতো পোৱা গৈছে কোভিড-১৯ যাৰ কৰ’নাৰ কোনো লক্ষণ নাই।
তথ্য অনুসৰি এই ৰোগীৰ তেনে কোনো ভ্ৰমণ বৃত্তান্তও নাই। তেনেহ’লে গণ সংক্রমণৰ দিশে আগবাঢ়িছে নেকি ডিমা হাছাও?
উল্লেখ্য যে ইয়াৰ আগতে মান্দাৰদিচাৰ পাঁচ গৰাকী আৰক্ষী কনিষ্টবলৰ উপৰি দিয়ুঙমুখ স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী কেন্টিন কৰ্মীৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰিছিল।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম চ্যামুয়াল চাংছানে হাফলং অসামৰিক চিকিৎসালয়ত কোভিড লক্ষণ নথকা ৰোগীৰ শৰীৰত কোভিড পজিটিভ পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
ইতিমধ্যে হাফলং চিভিল হাস্পাতালৰ যিটো ৱাৰ্ডৰ পৰা এগৰাকী ৰোগীৰ শৰীৰত কোভিড পজিটিভ পোৱা গৈছে সেই ৱাৰ্ডটো চেনিটাইজ কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে বুলি জানিবলৈ দিছে চ্যামুয়াল চাংছানে।
তেওঁ ৰাইজক সজাগ আৰু সতৰ্ক হৈ থকাৰ উপৰি সামাজিক দূৰত্ব বজাই ৰাখি চলাৰ কাৰণে আহ্বান জনায়। লগতে কোভিড প্ৰতিৰোধৰ কাৰণে দিনে নিশাই যুঁজ দি অহা কোভিড যোদ্ধাসকলৰ সুস্বাস্থ্য কামনা কৰে।
পাৰ্বত্য জিলাৰ শেহতীয়া কোভিড তথ্য অনুসৰি মুঠ কোভিড পজিটিভ আক্ৰান্তৰ সংখ্যা হৈছে ১৮৯গৰাকী। ইয়াৰে সুস্থ হৈ ঘৰলৈ উভতি গৈছে ১৫৬গৰাকী।
আনহাতে, সক্ৰিয় কোভিড পজিটিভ ৰোগীৰ সংখ্যা ৩৩গৰাকী আৰু জিলাখনত এতিয়ালৈকে কোনো কোভিড ৰোগীৰ মৃত্যু হোৱা নাই।
The post গণ সংক্ৰমণ! হাফলং চিভিল হাস্পাতালৰ ৰোগীৰ শৰীৰত কোভিড-১৯পজিটিভ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/30kxbVx
via IFTTT
Comments
Post a Comment