আকৌ চন্দ্রযান! চন্দ্ৰপৃষ্ঠত এতিয়াও সক্ৰিয় হৈ আছে প্ৰজ্ঞান ৰ’ভাৰ, গ্ৰহণ কৰিছে সংকেট
২০১৯ চনৰ ১৪ আগষ্ট। বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত বিৰল নজিৰ সৃষ্টি কৰি চন্দ্ৰলৈ ভাৰতে প্ৰেৰণ কৰিছিল চন্দ্ৰযান-২।
সকলো ঠিকে-ঠাকে চলি আছিল যদিও প্ৰাপ্তিৰ অন্তিম ক্ষণত থমকি ৰ’ৱ লগীয়া হৈছিল ভাৰত।
২০ আগষ্টৰ দিনা ভাৰতে চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰা চন্দ্ৰযানে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল।
ইয়াৰ পিছতে সকলোৱে অপেক্ষা কৰিছিল শুভক্ষণটোৰ বাবে।
২০১৯ চনৰ ২ ছেপ্তেম্বৰ। এই দিনটোতে পূৰ্ব নিৰ্দ্ধাৰিত প্ৰক্ৰিয়া অনুসৰিয়েই চন্দ্ৰযানৰ পৰা বিচ্ছিন্ন হৈছিল বিক্ৰম লেণ্ডাৰ।
বুকুত প্ৰজ্ঞান ৰ’ভাৰক লৈ চন্দ্ৰৰ দিশে তীব্ৰ গতিৰে ঢাৱমান হৈছিল বিক্ৰম লেণ্ডাৰে।
চন্দ্ৰপৃষ্ঠৰ পৰা ২.১ কিলোমিটাৰ দূৰৈত থকাৰ সময়তে বিশ্ববাসীক আশাহত কৰি ইছৰ’ৰ নিয়ন্ত্ৰণ কক্ষৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল বিক্ৰম লেণ্ডাৰৰ।
ইয়াৰ পিছত আহিছিল আটাইতকৈ বেয়া খবৰটো।
প্ৰচণ্ড গতিৰে গৈ চন্দ্ৰপৃষ্ঠত খুন্দা মাৰি বিধ্বস্ত হ’ল বিক্ৰম লেণ্ডাৰ।
সকলো আশা ভাঙি থানবান হ’ল ভাৰতৰ,হতাশ হ’ল বিশ্ববাসী।
কিছুদিন পিছত চেন্নাইৰ গৱেষক ছানমুগা সুব্ৰমণিয়মে চন্দ্ৰপৃষ্ঠত সন্ধান পালে বিধ্বস্ত হৈ পৰি থকা বিক্ৰম লেণ্ডাৰৰ।
সেই গৰাকী ছানমুগা সুব্ৰমণিয়মেই এতিয়া আনিছে আন এটা ইতিবাচক খবৰ।
সুব্ৰমণিয়মে প্ৰকাশ কৰা মতে চন্দ্ৰপৃষ্ঠত এতিয়াও সক্ৰিয় হৈ আছে প্ৰজ্ঞান ৰ’ভাৰ।
জনপ্ৰাণীহীন চন্দ্ৰপৃষ্ঠত আনকি প্ৰজ্ঞান ৰ’ভাৰে কেইবা মিটাৰো আগুৱাই যাবলৈ সক্ষম হৈছে।
বিক্ৰম লেণ্ডাৰে প্ৰেৰণ কৰা সংকেটো গ্ৰহণ কৰিছে প্ৰজ্ঞানে।
কিন্তু কাৰিকৰী বিজুতিৰ বাবে বিক্ৰম লেণ্ডাৰে সেই তথ্য পঠিয়াব পৰা নাই পৃথিৱীলৈ।
ইছৰ’ আৰু নাছাৰ বিজ্ঞানীক সহায় কৰি থকা ছানমুগা সুব্ৰমণিয়মৰ তথ্যই উৎসাহিত কৰিছে ভাৰতৰ বিজ্ঞানী সকলক।
The post আকৌ চন্দ্রযান! চন্দ্ৰপৃষ্ঠত এতিয়াও সক্ৰিয় হৈ আছে প্ৰজ্ঞান ৰ’ভাৰ, গ্ৰহণ কৰিছে সংকেট appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3fmGus4
via IFTTT
Comments
Post a Comment