পুত্ৰৰ সৈতে একেলগে মেট্ৰিক পৰীক্ষাত বহি প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষানুৰাগী মাতৃ

কথাতে আছে মন কৰিলেই ছন।

শিক্ষা লাভৰ ক্ষেত্ৰত বয়স যে বাধা হ’ব নোৱাৰে সেই কথা পুনৰ বাৰ প্ৰমাণ কৰি দিলে মহাৰাষ্ট্ৰৰ এগৰাকী শিক্ষানুৰাগী মাতৃয়ে।

মহাৰাষ্ট্ৰৰ বাৰামতী নামৰ অঞ্চলটোৰ বাসিন্দা বেবী গুৰাভ।

৩৬ বছৰীয়া এই গৰাকী মহিলাই ঘৰুৱা অসুবিধাৰ বাবে দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল।

কিন্তু অধ্যয়নৰ প্ৰতি অপৰিসীম ধাউতি থকা মহিলা গৰাকীয়ে মনৰ পৰা ত্যাগ কৰা নাছিল অধ্যয়নৰ ইচ্ছা।

সেই বাবেই শেহতীয়াকৈ ফলাফল ঘোষিত মহাৰাষ্ট্ৰৰ মাধ্যমিকৰ পৰীক্ষাত পুত্ৰৰ সৈতে একেলগে অৱতাৰ্ণ হৈ বেবী গুৰাভে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।

পুত্ৰ সদানন্দ গুৰাভৰ সৈতে পৰীক্ষাত একেলগে বহা মাতৃ গৰাকীৰ এনে সাফল্যত আনন্দিত হৈ পৰিছে বাৰামতী অঞ্চলৰ বাসিন্দা সকল।

পৰীক্ষাত পুত্ৰ সদানন্দই ৭৩.২০ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে মাতৃ বেবী গুৰাভে লাভ কৰিছে ৬৪.৪০ শতাংশ নম্বৰ।

মহাৰাষ্ট্ৰ এখন স্থানীয় বাতৰি কাকতৰ সাংবাদিক প্ৰদীপ গুৰীভৰ সৈতে নিচেই কম বয়সতে বিবাহপাশত আৱদ্ধ হোৱা বেবী গুৰাভে ঘৰুৱা অসুবিধাৰ বাবে সময় মতে মেট্ৰিক পৰীক্ষাত বহিব পৰা নাছিল।

এটা কাপোৰৰ কাৰখানাত কাম কৰা মহিলা গৰাকীয়ে  স্বামীৰ উৎসাহতে মেট্ৰিক পৰীক্ষাত পুত্ৰৰ সৈতে একেলগে বহিছিল।

পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত স্বাভাৱিকতে গৰ্বিত হৈ পৰিছে মহিলা গৰাকীৰ স্বামীও।

বেবী গুৰাভৰ ইচ্ছা তেওঁ উচ্চতৰ মাধ্যমিকৰ লগতে তাৰ পিছৰ পৰীক্ষা সমূহতো অৱতীৰ্ণ হ’ব।

The post পুত্ৰৰ সৈতে একেলগে মেট্ৰিক পৰীক্ষাত বহি প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষানুৰাগী মাতৃ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2BNYFt0
via IFTTT

Comments