কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে বিৰাট কোহলি আৰু তামান্না ভাটিয়া?
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি গ্ৰেপ্তাৰ হ’ব পাৰে।
অনলাইন জুৱা ছাইটৰ বিজ্ঞাপনত অংশগ্ৰহণ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলি চেন্নাইৰ এগৰাকী অধিবক্তাই মাদ্ৰাজ হাইকোৰ্টত আবেদন দাখিল কৰিছে।
এতিয়া অভিযোগ প্ৰমানিত হ’লে যিকোনো সময়তে ক্ৰিকেট তাৰকাগৰাকী গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব পাৰে।
আদালতে অহা মঙলবাৰে গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে।
ভাৰতত বহুকেইটা অনলাইন জুৱাৰ ছাইট আছে। ইয়াৰেই এটাৰ এক বিজ্ঞাপনত বিৰাট কোহলিয়ে অংশ লৈছিল।
বিজ্ঞাপনটোত বিৰাটৰ সৈতে আছিল বলীউদৰ অভিনেত্ৰী তামান্না ভাটিয়া।
ইমানলৈকে কোনো কথা নাছিল কিন্তু অনলাইন জুৱাত সৰ্বস্বান্ত হোৱা এজন যুৱকে আত্মহত্যা কৰাৰ পাছতেই বিষয়টো চৰ্চাৰ মাজলৈ আহে।
অনলাইন জুৱাৰ ওপৰত নিষেধাজ্ঞা দাবী কৰি এগৰাকী অধিবক্তাই মাদ্ৰাজ হাইকোৰ্টত এখন আবেদন দাখিল কৰিছে।
অভিযোগ কৰা হৈছে যে যুৱ সম্প্ৰদায়ৰ এক বৃহৎ অংশই এই জুৱাৰ কবলত পৰি সৰ্বস্বান্ত হৈছে।
উচ্চ হাৰত সুতত টকা ঋণ লৈ জুৱা খেলি ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাচি লৈছে।
তামিলনাডুত বৰ্তমান আত্মহত্যাৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ কথাও আবেদনত উল্লেখ কৰা হৈছে।
আনহাতে, অনলাইন জুৱাৰ বিজ্ঞাপনত অংশ গ্ৰহণ কৰি যুৱ সম্প্ৰদায়ক ধ্বংসৰ পথলৈ যোৱাত ক্ৰিকেট তাৰকা কোহলি আৰু অভিনেত্ৰী তামান্নাই উৎসাহিত কৰা বুলিও আবেদনত অভিযোগ অনা হৈছে।
আবেদনকাৰীয়ে সেয়েহে এই দুয়োগৰাকী তাৰকাকে গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে।
The post কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে বিৰাট কোহলি আৰু তামান্না ভাটিয়া? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2PeWIZL
via IFTTT
Comments
Post a Comment