পাছিত ভৰাই হাস্পতাললৈ নিলে গৰ্ভৱতী মহিলাক…

ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী দৃশ্য। এগৰাকী গৰ্ভৱতী মহিলাক দুজন ব্যক্তিয়ে এটা পাছিত ভৰাই কান্ধত তুলি অগ্ৰসৰ হৈছে নদীৰ মাজেদি। এই দৃশ্য ছত্তিশগড়ৰ কাড়নাই গাঁৱৰ।

মহিলাগৰাকীক লৈ অগ্ৰসৰ হৈছে দুজন ব্যক্তি

পথৰ দুৰাৱস্থাৰ বাবে কাড়নাই গাঁৱলৈ যাব নোৱাৰে কোনোধৰণৰ বাহন। সেয়েহে এম্বুলেন্সৰ আশাত ৰৈ নাথাকি এনেদৰে পাছিত ভৰাই কান্ধত তুলিয়েই হাস্পতাললৈ নিলে মহিলাগৰাকীক। আৰু এই দৃশ্য পোহৰলৈ অহাৰ পাছতেই তীব্ৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে।

The post পাছিত ভৰাই হাস্পতাললৈ নিলে গৰ্ভৱতী মহিলাক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39MInNG
via IFTTT

Comments