অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ; বিশ্বত ১.৮২ কোটি লোক ক’ভিড-১৯ত আক্ৰান্ত

সমগ্ৰ বিশ্বতে অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। বিশ্বত এই পৰ্যন্ত ১ কোটি ৮২ লাখ ৩১ হাজাৰ ৫৩৫ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

এই মহামাৰী ভাইৰাছবিধৰ ফলত এতিয়ালৈকে ৬ লাখ ৮৮ হাজাৰ ৬৮৩ গৰাকী লোকৰ মৃত্যু ঘটিছে।

আক্ৰান্ত সকলৰ ভিতৰত ১ কোটি ১৩ লাখ ২৬ হাজাৰ ২৩২ গৰাকী লোক সুস্থ হৈ উঠিছে।

উল্লেখ্য যে বিশ্বত আক্ৰান্তৰ শীৰ্ষত আছে আমেৰিকা। দেশখনত এই পৰ্যন্ত ৪৮.১৩ লাখ লোক ক’ভিডত আক্ৰান্ত হৈছে। তদুপৰি মৃত্যু হৈছে ১.৫৮ লাখ লোকৰ।

আক্ৰান্তৰ ফালৰ পৰা দ্বিতীয় স্থানত আছে ব্ৰাজিল। দেশখনত এএই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা হৈছে ২৭ লাখ ৩৩ হাজাৰ ৬৭৭ গৰাকী।

একেদৰে দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৯৪ হাজাৰৰো অধিক।

ইফালে অষ্ট্ৰেলিয়াত ক’ৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাই থকাত দেশখনত পৰৱৰ্তী ছসপ্তাহৰ বাবে নৈশ সান্ধ্য আই বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

The post অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ; বিশ্বত ১.৮২ কোটি লোক ক’ভিড-১৯ত আক্ৰান্ত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/30nfYKW
via IFTTT

Comments