ভূমি পূজনৰ পিছতে মোডী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ: তালিকাত হিমন্ত বিশ্ব,আগাথা,লেইছেম্বাৰ নাম
অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছতে মোডী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা আছে।
এই সম্প্ৰসাৰণত এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ তিনি গৰাকীকৈ ৰাজনীতিকে মন্ত্ৰিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।
বিজেপি আৰু আৰ এছ এছৰ ঘনিষ্ঠ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি মোডীৰ মন্ত্ৰী সভাত স্থান দিয়াৰ বাবে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বৰ নাম বিগত লোক সভা নিৰ্বাচনৰ সময়ৰে পৰাই চৰ্চা হৈ আহিছে।
আনকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যৰ ৰাজনীতি এৰি ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছিল।
এইবাৰ পুনৰ মোডী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ প্ৰসংগ ওলাওতে হিমন্ত বিশ্বৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা আৰু মণিপুৰৰ প্ৰভাৱশালী ৰাজনীতিক লেইছেম্বা ছনোজাওৱাৰ নাম উচ্চাৰিত হৈছে।
সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলত দলৰ স্থিতি সৱল কৰি ৰখাৰ উদ্দেশ্যে এইবাৰ কমেও দুজন মন্ত্ৰী এই অঞ্চলৰ পৰা বাচনি কৰিব।
সূত্ৰটোৰ মতে সেই দুজনৰ ভিতৰত মন্ত্ৰিত্ব লাভৰ আটাইতকৈ বেছি সম্ভাৱনা থকা ৰাজনীতিক জনেই হৈছে হিমন্ত বিশ্ব শৰ্মা।
তেওঁ নেডাৰো আহ্বায়ক পদত আছে বাবে এই ক্ষেত্ৰত তেওঁৰ বাট অধিক প্ৰশস্ত।
মোডীৰ মন্ত্ৰী সভাত বৰ্তমানে থকা মন্ত্ৰীৰ সংখ্যা হৈছে ৫৭ গৰাকী।
তেওঁলোকৰ মাজৰে বহু কেইজনে একাধিক দপ্তৰ চম্ভালি থাকিবলগীয়া হৈছে।
এনে পৰিস্থিতিত মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ জৰুৰী হৈ পৰিছে।মোডী মন্ত্ৰী সভাত নতুন মন্ত্ৰীৰ তালিকাত নাম থকা নেছনেল ডেম’ক্ৰেটিক পাৰ্টীৰ নেত্ৰী আগাথা চাংমাৰ দিল্লীত বেছ প্ৰভাৱ আছে।তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বতো আছিল।
তদুপৰি তেওঁ বিজেপিৰ মিত্ৰজোঁট এন পি পিৰ নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভগ্নী আৰু পি এ চাংমাৰ কন্যা।সেয়ে তেওঁৰো সম্ভাৱনা প্ৰৱল বুলি সূত্ৰটোৱে সদৰী কৰিছে।
The post ভূমি পূজনৰ পিছতে মোডী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ: তালিকাত হিমন্ত বিশ্ব,আগাথা,লেইছেম্বাৰ নাম appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3gnzJrn
via IFTTT
Comments
Post a Comment