বৃহৎ সামাজিক অৱদানৰ স্বীকৃতি; মহাত্মা গান্ধীৰ স্মৃতিত নতুন মুদ্ৰা ব্ৰিটেইনৰ

ভাৰতৰ স্বাধীনতাৰ বাবে যাৰ বিৰুদ্ধে যুঁজ দিছিল সেই ব্ৰিটিছেই এতিয়া এক সুকীয়া সন্মান দিবলৈ আগবাঢ়িছে জাতিৰ পিতা মহাত্মা গান্ধীক।

ব্ৰিটেইনে মহাত্মা গান্ধীৰ স্মৃতিত এটা নতুন মুদ্ৰা প্ৰস্তুত কৰাৰ কথা চিন্তা কৰিছে।

কৃষ্ণাংগ তথা এছিয়া আৰু আন সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিৰ অৱদানক সন্মান জনোৱাৰ বাবেই এনে স্মাৰক মুদ্ৰাৰ প্ৰচলনৰ পৰিকল্পনা কৰা হৈছে।

দেশখনৰ বিত্ত মন্ত্ৰী ঋষি ছুনাকে ৰয়েল মিন্ট এডভাইছৰী কমিটিলৈ লিখা এখন পত্ৰত মহাত্মা গান্ধীৰ সন্মানত এই বিশেষ মুদ্ৰা প্ৰস্তুত কৰাৰ বাবে অনুৰোধ জনাইছে।

শনিবাৰে মাজ নিশা ব্ৰিটেইনৰ ট্ৰেজাৰীয়ে ই-মেইলৰ জৰিয়তে এই কথা জনাইছে। ইয়াত কোৱা হৈছে যে মহাত্মা গান্ধীৰ স্মৃতিত ৰয়েল মিন্ট এডভাইছৰী কমিটিয়ে এটা মুদ্ৰাৰ প্ৰচলনৰ কথা বিবেচনা কৰিছে।

অহিংসাৰ আদৰ্শেৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰা মহাত্মা গান্ধীৰ অহিংস নীতি সুঁৱৰি প্ৰতি বছৰে ২ অক্টোবৰত আন্তৰ্জাতিক অহিংসা দিৱসো পালন কৰা হয়।

১৯৪৮চনৰ ৩০জানুৱাৰিত আততায়ীৰ হাতত মৃত্যুবৰণ কৰা মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগৰ অধিকাৰৰ বাবে প্ৰথম আন্দোলন কৰিছিল।

The post বৃহৎ সামাজিক অৱদানৰ স্বীকৃতি; মহাত্মা গান্ধীৰ স্মৃতিত নতুন মুদ্ৰা ব্ৰিটেইনৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2DxS8TG
via IFTTT

Comments