মাজবাটত পুনৰ মাটিত পুতি থোৱা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ…

ডিজিটেল সংবাদ, ওৰাংঃ মাজবাটত পুনৰ মাটিত পুতি থোৱা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ। যোৱা নিশা মাজবাট আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে অবৈধ মাৰণাস্ত্ৰ।
মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত গজেনপুৰীৰ বমবে চেন্টাৰৰ ঘন জংঘলৰ মাজত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে এটা AK 56 ৰাইফল, এটা খালী মেকজিন, ১৩ জাই সজীৱ গুলী।
মাজবাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজা ইৰচাদৰ নেতৃত্বত ওৰাং আৰক্ষী থানাৰ আৰক্ষী বিষয়া দীপক দাসৰ সহযোগত ৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলাইছিল এই অভিযান।
The post মাজবাটত পুনৰ মাটিত পুতি থোৱা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3165X4a
via IFTTT
Comments
Post a Comment