এল অ চিত ভাৰত-চীনৰ ক’ৰ কামাণ্ডাৰ বৈঠক…

ডিজিটেল ডেস্কঃ দেওবাৰে অনুষ্ঠিত হ’ব ভাৰত আৰু চীনৰ ক’ৰ কামাণ্ডাৰৰ পঞ্চম পৰ্যায়ৰ বৈঠক। ভাৰত আৰু চীনৰ মাজত পূৱ লাডাখৰ পেংগোগ অঞ্চলৰ পৰা চীনা সৈন্যৰ প্ৰত্যাৱৰ্তন প্ৰসঙ্গত আলোচনা কৰা হ’ব এই বৈঠকত। অঞ্চলটোত শান্তি আৰু স্থিৰতা বৰ্তাই ৰাখিবৰ বাবে ইতিমধ্যে দুয়োখন দেশৰ মাজত চাৰিখনকৈ বৈঠক অনুষ্ঠিত হৈছিল।
প্ৰাপ্ত তথ্য মতে কামাণ্ডাৰ পৰ্যায়ৰ এই বৈঠক চীনৰ ম’ল্ড’ অঞ্চলত অনুষ্ঠিত হ’ব। আৰু এই বৈঠক পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ আগতেও লাডাখৰ পৰা সেনা আঁতৰাই অনাকলৈ দুয়োখন দেশ মাজত হোৱা চতুৰ্থখন বৈঠক প্ৰায় ১৪ ঘন্টা পৰ্যন্ত অনুষ্ঠিত হৈছিল কিন্তু উক্ত বৈঠকত কোনো এটা সঠিক সিদ্ধান্তত উপনিত হ’ব পৰা নাছিল। আশা কৰা হৈছে দেওবাৰৰ বৈঠকত দুয়ো দেশে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব।
The post এল অ চিত ভাৰত-চীনৰ ক’ৰ কামাণ্ডাৰ বৈঠক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3158oUu
via IFTTT
Comments
Post a Comment