কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী লৈকে এদিনতে ক’ৰ’ণাত আক্ৰান্ত বহু ৰাজনীতিক, এজনৰ মৃত্যু

মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে দেশৰ বিভিন্ন ৰাজ্যত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বহু কেইগৰাকী শীৰ্ষ ৰাজনীতিক।

তেওঁলোকৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী লৈকে বহু কেইগৰাকী শীৰ্ষ ৰাজনীতিক আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাও এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে।

কৰ্ণাটক চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে সাধাৰণ অসুস্থতাত ভোগা য়েডিয়ুৰাপ্পাৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ পিছতে তেওঁ ক’ৰ’ণাত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়।

ইয়াৰ পিছতে তেওঁক বাংগালুৰুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই টুইট যোগে সদৰী কৰা অনুসৰি তেওঁ বৰ্তমান সুস্থ হৈ আছে আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে তেওঁ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰোৱালৈ আহ্বান জনাইছে।

ইপিনে বিগত ২৪ ঘন্টাৰ ভিতৰতে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি স্বতন্ত্ৰ দেৱ সিং।

তেওঁৰ দেহত কোনো লক্ষণ নাই আৰু তেওঁ ঘৰতে চিকিৎসাধীন হৈ আছে।

এই সময়ছোৱাত ক’ৰ’ণাত আক্ৰান্ত হৈছে তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত।

তেওঁক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অসমতো কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু তেওঁৰ পত্নী আক্ৰান্ত হয় ক’ৰ’ণাত।

বিগত ২৪ ঘন্টাত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটে উত্তৰ প্ৰদেশৰ কাৰিকৰী শিক্ষা দপ্তৰৰ মন্ত্ৰী কমলা ৰাণী বৰুণৰ।

The post কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী লৈকে এদিনতে ক’ৰ’ণাত আক্ৰান্ত বহু ৰাজনীতিক, এজনৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/33kdtv1
via IFTTT

Comments