শোণিতপুৰ জিলাত দিনে ২,০০০লোকৰ ক’ভিড টেষ্ট কৰাৰ বাবে উপায়ুক্তক পৰামৰ্শ স্বাস্থ্য মন্ত্ৰীৰ
ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত,আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰ জিলাখনৰ কোভিড ১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে ৷
জিলাখনৰ তেজপুৰ আৰু ঢেকিয়াজুলিত শেহতীয়াকৈ বৃদ্ধি পোৱা ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে প্ৰতি দিনে ২০০০ জনকৈ লোকৰ পৰীক্ষা কৰিবলৈ জিলা উপায়ুক্তক পৰামৰ্শ প্ৰদান কৰে।
তেওঁ কয় যে ইয়াৰ দ্বাৰা যাতে স্থানীয় সংক্ৰমণৰ দ্বাৰা ক’ভিডত আক্ৰান্ত হোৱা প্ৰতিজন লোকক চিনাক্ত কৰিব পৰা যায় আৰু জিলাখনৰ গ্ৰামাঞ্চল সমূহত ক’ভিডৰ সংক্ৰমণৰ হোৱাৰ আগতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা যায় ৷
আগন্তুক দিনত অধিক সংখ্যাত ক’ভিড ৰোগী চিনাক্ত হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সঠিকভাৱে ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনা কৰিবলৈও তেওঁ পৰামৰ্শ প্ৰদান কৰে যাতে হাস্পতাল সমূহত জটিল সমস্যা দেখা দিয়া কভিড ৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যায় ৷
যদি কভিড আক্ৰান্ত কোনো লক্ষণবিহীন ৰোগীয়ে ঘৰত থাকি গৃহ পৃথকীকৰণৰ সুবিধা গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে তেনে ৰোগীক স্বাস্থ্য বিভাগে ইতিমধ্যে জাৰি কৰা গৃহ পৃথকীকৰণৰ নিয়মাৱলী মানি সুবিধা গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিবলৈ উপায়ুক্তগৰাকীক মন্ত্ৰী ডঃ শৰ্মাই নিৰ্দেশ দিয়ে ৷
জিলাখনৰ তেজপুৰ আৰু ঢেকিয়াজুলিত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰক্ষিতত মন্ত্ৰীগৰাকীয়ে সভাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ঘৰে ঘৰে গৈ ক’ভিড পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে তথা ক’ভিড ১৯ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত ৰাইজ তথা ব্যৱসায়ীক সংস্থা সমূহৰ পূৰ্ণ সঁহাৰি কামনা কৰে ৷
তেওঁ লগতে বিভিন্ন চৰকাৰী ক’ভিড কেয়াৰ চেন্টাৰ সমূহত থকা ৰোগীসকলক উন্নত মানৰ খাদ্য যোগান ধৰা, অন্য কোনো ৰোগত আক্ৰান্ত ক’ভিড ৰোগীৰ বিশেষভাৱে যত্ন লোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷
সভাত জিলাখনত স্বাস্থ্য ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ উপৰিও ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ প্ৰয়োজন সাপেক্ষে স্বাস্থ্য কৰ্মী নিয়োগ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
ইয়াৰোপৰি, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ বিচনাৰ সংখ্যা ৩৬ লৈ বৃদ্ধি কৰাৰ লগতে তেজপুৰৰ পৰোৱাস্থিত ক’ভিড চিকিৎসালয়ত ১৫ বিচনাযুক্ত ICU ৰ সুবিধা অতি শীঘ্ৰে গঢ়ি তোলাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
সভাত অংশ লোৱাৰ আগতে মন্ত্ৰীগৰাকীয়ে টি এম চি এইচত স্থাপন কৰা ৰাজ্যখনৰ দ্বিতীয়টো প্লাজমা বেংক পৰিদৰ্শন কৰাৰ লগতে দুজন প্লাজমা দাতা কুশল নাথ আৰু প্ৰতাপ লিম্বুৰ সৈতে মত-বিনিময় কৰে আৰু তেওঁলোকক চৰকাৰৰ ফালৰ পৰা দিয়া প্ৰশংসা-পত্ৰও প্ৰদান কৰে।
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাসক্ষত আয়োজন হোৱা পৰ্যালোচনা সভাত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামী, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে. আহমেদৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াও উপস্থিত থাকে ৷
সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনত ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেন্টাৰ আদিত গঢ়ি তোলা সুবিধা সমূহৰ লগতে জিলাখনৰ চলি থকা ৰেপিড এণ্টিজেন টেষ্টিঙৰ সুবিধা আৰু ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনাৰ বিষয়ে পাৱাৰপইন্ট প্ৰেজেন্টেশ্যন যোগে স্বাস্থ্য মন্ত্ৰগৰাকীক অৱগত কৰে ৷
The post শোণিতপুৰ জিলাত দিনে ২,০০০লোকৰ ক’ভিড টেষ্ট কৰাৰ বাবে উপায়ুক্তক পৰামৰ্শ স্বাস্থ্য মন্ত্ৰীৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/39PWjq5
via IFTTT
Comments
Post a Comment