অযোধ্যাত ভূমি পূজাৰ ব্যাপক প্ৰস্তুতি! ক’ত চলিছে ১লাখ ১১হাজাৰ লাড়ু তৈয়াৰ কৰাৰ কাম?
অহা ৫ আগষ্টত দেশবাসীৰ বাবে এটা ঐতিহাসিক দিন হ’ব। এই দিনটোতে অযোধ্যাত ভূমি পূজাৰে ৰাম মন্দিৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা হ’ব।
উত্তৰ-পূব ভাৰতৰ পৰা আৰম্ভ কৰি চুবুৰীয়া পশ্চিমবংগৰ নদীৰ পৰা পৱিত্ৰ মাটি-পানী নিয়া হৈছে।
সকলো আয়োজন প্ৰায় সম্পূৰ্ণ। পিচে, মহাপ্ৰাসাদৰ কি হ’ব?
অযোধ্যাত তাৰ পূৰ্ণ প্ৰস্তুতি চলিছে।
মহাপ্ৰসাদ হিচাপে তৈয়াৰ কৰা হৈছে লাখ লাখ লাড়ু।
অযোধ্যাৰ মনিৰাম দাস ছাউনীত ইমান বৃহৎ সংখ্যক লাড়ু তৈয়াৰ কৰা হৈছে।
লাড়ু তৈয়াৰ কৰা কামত নিযুক্ত এজন কৰ্মীয়ে কয় যে ভূমি পূজাৰ দিনাখন জনসাধাৰণৰ হাতত তুলি দিয়া হ’ব এই লাড়ু।
জনসাধাৰণ বাবে তৈয়াৰ কৰা হৈছে মুঠ ১লাখ ১১হাজাৰ লাড়ু।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ভূমি পূজাত উপস্থিত থাকিব গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্য মন্ত্ৰী।
The post অযোধ্যাত ভূমি পূজাৰ ব্যাপক প্ৰস্তুতি! ক’ত চলিছে ১লাখ ১১হাজাৰ লাড়ু তৈয়াৰ কৰাৰ কাম? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2PaB2Oq
via IFTTT
Comments
Post a Comment