অহা বছৰৰ প্ৰথম ভাগত উপলব্ধ হ’ব কোৰোনাৰ ভেকচিন…

ডিজিটেল ডেস্কঃ অহা বছৰৰ প্ৰথম ভাগত উপলব্ধ হ’ব কোৰোনাৰ ভেকচিন। এই মন্তব্য আমেৰিকাৰ প্ৰখ্যাত ৰোগ বিশেষজ্ঞ ডাঃ এন্থনী ফাচীৰ। তেওঁৰ মতে ২০২১ বৰ্ষৰ প্ৰথম ভাগতে মহামাৰী কোৰোনা ভাইৰাছৰ ভেকচিন তৈৱাৰ হ’ব।ইতিমধ্যে প্ৰায় আঢ়ৈ লাখ লোক কোৰোনা ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলত অংশ ল’বলৈ স্বইচ্ছাই প্ৰস্তুত হৈছে বুলিও মন্তব্য কৰিলে ডাঃ এন্থনীয়ে।

উল্লেখ্য যে ডাঃ এন্থনী নেচনেল ইনষ্টিটিউত অৱ এলাৰ্জি এণ্ড ইন্ফেক্সিয়াচ ডিজিজৰ প্ৰধান বিশেষজ্ঞ। হোৱাইট হাউচৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে ত্ৰিশ কোটি ভেকচিন তৈৱাৰৰ বাবে ব্যৱস্থা কৰা হৈছে।

ইফালে ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলক লৈ ৰাছিয়াৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা। ৰাছিয়াৰ নিউজ এজেন্সি আৰ আই এৰ মতে ৰাছিয়াই চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰাই কোৰোনা আক্ৰান্ত ৰোগী সকলক ভেকচিন ব্যৱহাৰ কৰা ব্যৱস্থা কৰিছে।

স্বাস্থ্যমন্ত্ৰী মিখাইল মুৰাস্কোৰ মতে অক্টোবৰ মাহত কোৰোনা ভাইৰাছৰ বিৰুদ্ধে সামুহিক টীকাকৰণ অভিযান আৰম্ভ কৰাৰ প্ৰস্তুটি কৰিছে। আৰু এই ভেকচিন ডাক্তৰ আৰু শিক্ষকসকলক প্ৰথমে ব্যৱহাৰ কৰা হ’ব- স্বাস্থ্যমন্ত্ৰী গৰাকীৰ মন্তব্য।

The post অহা বছৰৰ প্ৰথম ভাগত উপলব্ধ হ’ব কোৰোনাৰ ভেকচিন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BPyEcS
via IFTTT

Comments