বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি জীৱন যুঁজত মঙলদৈ পিপৰা দোকানৰ দেবেন ডেকা…

ডিজিটেল সংবাদ, মঙলদৈঃ এতিয়া পৃথিৱীৰ অসুখ, সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো এতিয়া কৰুণা মহামাৰী লগতে বানৰ বিভীষিকা। চাৰিওফালে ঘোষিত অঘোষিত লকডাউনৰ ফলত স্তব্ধ হৈ পৰিছে মানুহৰ জন জীৱন যাত্ৰাৰ । বন্ধ হৈ পৰিছে দোকান বজাৰ,সমগ্ৰ অৰ্থনীতি ।

এনে স্তব্ধ সময়তে মঙলদৈ পিপৰা দোকানৰ এগৰাকী বযোজেষ্ঠ ব্যক্তিয়ে বাৰীৰ বাঁহ বেতৰ দ্বাৰা সামান্য কটাৰী এখনেৰে বাঁহ – বেতেৰ বিভিন্ন ধৰনৰ সামগ্ৰী তৈয়াৰ কৰি নিজৰ জীৱন যুঁজত অৱতীৰ্ণ হৈছে। নাম এওঁৰ দেবেন ডেকা। দেবেন ডেকাই সাজি উলিয়াইছে ঘৰুৱা ব্যৱহাৰ যোগ্য জাকৈ – খালৈ, বিভিন্ন আৰ্হিৰ ডলা ,চালনী , টুকুৰী , খৰাহী , শেনী ,লেহেতী , পলৌ, জুলুকি, ধাৰী,পাতি ,চেপা ,বহা , জাপি , বিচনি আদিকে ধৰি বহুতো বাঁহৰ সামগ্ৰী।

বাঁহেৰে নিৰ্মিত সামগ্ৰী সমূহ ঘৰত বিক্ৰী কৰা লগতে মঙলদৈ বাঙলাগড় সাপ্তাহিক বজাৰত বিক্ৰী কৰি নিজৰ পৰিয়ালটোৰ পেটৰ ভাত মূঠি উলিয়াই আছিল। কিন্তু কৰুণা মহামাৰীৰ ব্যাপক সক্ৰমণৰ ফলত এতিয়া বন্ধ হৈ পৰিছে সমগ্ৰ বজাৰৰ লগতে মঙলদৈ সাপ্তাহিক বাংলাগড় বজাৰ খনো। ফলস্বৰূপে, অসুবিধাৰ সন্মুখীন হয় দেবেন ডেকা।

ৰাতিপুৱা ছয় বজাৰ পৰা ৰাতি প্ৰায় বাৰ বজালৈ দিনে নিশাই অহৰহ বাঁহ বেটৰ সামগ্ৰী তৈয়াৰ কৰা দেবেন ডেকাই এতিয়া মঙলদৈৰ ৰ পিপৰা চ’কৰ এখন অস্থায়ী দোকানেৰে জীৱন যুদ্ধৰ কৰিছে নতুন আৰম্ভণি।জীয়াই ৰখাৰ চেষ্টা কৰিছে ক্ষুদ্ৰ বাঁহ বেটৰ উদ্যোগৰ।

সাংবাদিকৰ আগত ক্ষোভেৰে দেবেন ডেকাই এই ক্ষুদ্ৰ উদ্যোগ সমূহক জীয়াই ৰাখিবলৈ কিবা নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে । চৰকাৰে এনে ক্ষুদ্ৰ বাঁহ বেটৰ উদ্যোগ সমূহ জীয়াই ৰাখিবলৈ এক পদক্ষেপ লওক যাৰ জৰিয়তে এই থলুৱা ক্ষুদ্ৰ উদ্যোগ জীয়াই ৰখাৰ লগতে দেশৰ অৰ্থনৈতিতো অৰিহণাও আগবঢ়োৱা হব ।

The post বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি জীৱন যুঁজত মঙলদৈ পিপৰা দোকানৰ দেবেন ডেকা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EjSvlj
via IFTTT

Comments