কোৰোনাক পৃথিৱীৰ পৰা খেদিবলৈ কি কৰিব লাগিব? সাংসদ প্ৰজ্ঞা ঠাকুৰে দিলে এই টিপছ…

ডিজিটেল ডেস্কঃ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। এনেসময়তে বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে কোৰোনা ভাইৰাছ নিঃশেষ কৰিবৰ বাবে প্ৰতিষেধকৰ সলনি হনুমান চালিছা পাঠ কৰিবলৈ সকলোকে আহ্বান জনাইছে। এটা ভিডিঅৰ জৰিয়তে সাংসদগৰাকীয়ে কৈছে যে, অহা ৫ আগষ্টলৈকে প্ৰতিগৰাকী লোকে দিনে ৫বাৰকৈ হনুমান চালিছা পাঠ কৰক আৰু এই মহামাৰীক পৃথিৱীৰ পৰা খেদি পঠাওক। উল্লেখ্য যে, অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলাও ৫ আগষ্টত সম্পন্ন কৰা হব। এই দিনটোৰ সৈতে সংগতি ৰাখিয়েই প্ৰজ্ঞা ঠাকুৰে কৰিছে এই মন্তব্য।

The post কোৰোনাক পৃথিৱীৰ পৰা খেদিবলৈ কি কৰিব লাগিব? সাংসদ প্ৰজ্ঞা ঠাকুৰে দিলে এই টিপছ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3eZbTkf
via IFTTT

Comments