ছিকিমত ক’ৰ’নাত আক্ৰান্ত প্ৰথমগৰাকী লোকৰ মৃত্যু
ক’ৰ’নাত মৃত্যু হোৱা প্ৰথমটো ঘটনা সংঘটিত হৈছে ছিকিমত। ৰাজ্যখনৰ এগৰাকী ৭৪ বছৰীয়া ক’ভিড-১৯ পজিটিভ ৰোগীৰ দেওবাৰে মৃত্যু হয়।
মহামাৰী ভাইৰাছবিধত আক্ৰান্ত পূব ছিকিম জিলাৰ ৰৌংগলী গাঁৱৰ এই লোকজন এছ টি এন এম হাস্পতালত মৃত্যুবৰণ কৰে।
ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মহানিৰ্দেশক ডাঃ পেমা টি ভুটীয়াই কয় যে লোকজন ক’ভিডৰ বাবেই মৃত্যু হয়।
যোৱা শনিবাৰে ৰোগীগৰাকীক এছ টি এন এম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পিছত কৰা ক’ৰ’না টেষ্টত তেওঁৰ ৰিপ’ৰ্ট পজিটিভ আহে।
স্বাস্থ্য বিভাগৰ মহানিৰ্দেশক গৰাকীয়ে জনোৱা মতে, ৰোগী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা খুব এটা ভাল নাছিল যাৰ বাবে আই চি য়ুত ভৰ্তি কৰোৱা হৈছিল যদিও দেওবাৰে পুৱা মৃত্যু ঘটে।
জানিব পৰা মতে ৰোগীজন মধুমেহ আৰু উচ্চ ৰক্তচাপ বেমাৰতো আক্ৰান্ত আছিল।
উল্লেখ্য যে এই পৰ্যন্ত ছিকিমত ৪৯৯ গৰাকী লোক ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে।
ইফালে, ক’ৰ’নাৰ ফলত প্ৰথমটো মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যখনত অহা ১ আগষ্টলৈ লকডাউন বৃদ্ধি কৰে ৰাজ্য চৰকাৰে।
The post ছিকিমত ক’ৰ’নাত আক্ৰান্ত প্ৰথমগৰাকী লোকৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2COef8s
via IFTTT
Comments
Post a Comment