পুৱাৰ খবৰ…

১. অসমত পুনৰ ১৫২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৯৯জন কামৰূপ মেট্ৰ’ৰ, ১৩১জন গোলাঘাটৰ, ৯১জন লখিমপুৰৰ আৰু ৮৮জন কামৰূপ গ্ৰাম্যৰ। এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬০০১৯জনলৈ পাইছে বৃদ্ধি। ইফালে, সোমবাৰে ৰাজ্যত আৰোগ্য হয় ১৮৩০জন লোক। তাৰ বিপৰীতে ৰাজ্যত উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ২৬জনৰ মৃত্যু। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩৫৮১জন ৰোগী।
২. অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত। মিজোৰ গুলীত নিহত চাৰিজন অসম আৰক্ষী। কাছাৰৰ সীমান্তত গুলীবৰ্ষণ কৰে মিজো দুৰ্বৃত্তই। ইফালে, এই গুলীবৰ্ষণত মৃত্যু হৈছে এজন স্থানীয় লোকৰো। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্ৰীৰে পাতিছে কথা।
৩. অসম-মিজোৰাম সীমান্তলৈ ৰাওনা মন্ত্ৰী পীয়ুষ হাজৰিকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি পৰিস্থিতি বুজ ল’বলৈ কাছাৰৰ অসম-মিজোৰাম সীমান্তলৈ গৈছে মন্ত্ৰীগৰাকী। ইফালে, এই সংঘৰ্ষত নিহত হৈছে আৰু এজন লোক। এতিয়ালৈকে মিজো দুৰ্বৃত্তৰ গুলীত ৬জন আৰক্ষীৰ লোকসহ ৭জন লোকৰ মৃত্যু।
৪. কাছাৰৰ অসম-মিজোৰাম সীমান্তত সংঘটিত সংঘৰ্ষত ৬জনকৈ লোকৰ বৰ্তমানলৈ মৃত্যু হৈছে। তদুপৰি ৬০জনৰৈ অধিক অসম আৰক্ষী আৰু স্থানীয় লোক আহত হৈছে। ইফালে, মিজোৰামৰ গৃহ মন্ত্ৰী পু লালচামলিয়ানাই ইতিমধ্যে এক প্ৰেছ বিবৃতিযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উক্ত বিবৃতিটোত কোৱা হৈছে যে- সোমবাৰে পুৱা প্ৰায় ১১.৩০ বজাত কাছাৰৰ অসম-মিজোৰাম সীমান্তত উপস্থিত হয় অসম আৰক্ষীৰ এটা দল। অসম আৰক্ষীৰ আইজিপিৰ নেতৃত্বত যোৱা এই দলটোৰ লগতে উক্ত স্থানত উপস্থিত হয় কাচাৰৰ উপায়ুক্ত, এছ পি, ডিএফঅ’।
৫. আজি ২৬ জুলাই । ভাৰতৰ বাবে এটা চিৰস্মৰনীয় দিন । আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস । ১৯৯৯ চনৰ জুন মাহত সীমান্তৰ কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজ্জা ।
৬. টকিঅ অলিম্পিকত পদক জিনি আজি মাতৃভূমিলৈ ঘূৰিব মীৰবাঈ চানু। ইতিমধ্যে গৃহাভিমুখী হৈছে খেলুৱৈগৰাকী। উল্লেখ্য যে, মণিপুৰৰ খেলুৱৈ গৰাকীয়ে টকিঅ অলিম্পিকত ভাৰতলৈ আনিছিল প্ৰথমটো পদক। ভাৰত্তোলনত মীৰাবাঈয়ে জিনিছিল ৰূপৰ পদক। মণিপুৰ চৰকাৰে মীৰাবাঈক ইতিমধ্যে ১কোটি টকাৰে পুৰস্কিত কৰিছে।
৭. ভাৰতত বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৩৯,৩৬১গৰাকী লোক। এইসময়চোৱাত ৩৫,৯৬৮গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। ৪১৬গৰাকী ৰোগীৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত। ভাৰতত এতিয়ালৈকে ৪৩কোটি ৫১লাখ লোকক প্ৰদান কৰা হৈছে ভেকচিন। কোৰোনাত এতিয়ালৈকে ভাৰতত ৪লাখ ২০হাজাৰ ৯৬৭গৰাকী ৰোগীৰ মৃত্যু হৈছে।
৮. আই চি এছ ই পাঠ্যক্ৰমৰ সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ এগৰাকী ছাত্ৰীয়ে হিউমেনিটি শাখাত(কলা শাখা) ভাৰতৰ ভিতৰতে প্ৰথমস্থান অধিকাৰ কৰি জিলা তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। নিজৰ সফলতাৰে সমগ্ৰ বিশ্বনাথৰ লগতে অসমকো গৌৰৱাম্বিত কৰা ছাত্ৰী গৰাকী হৈছে অস্মিতা কাকতি।
৯. ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন টি-২০ শৃংখলাত জয় লাভ কৰিবলৈ সক্ষম হৈছে শিখৰ ধাৱান নেতৃত্বাধীন ভাৰতীয় দলটো। ৰাহুল দ্ৰাবিড়ৰক প্ৰশিক্ষক হিচাপে লৈ শ্ৰীলংকা ভ্ৰমণ কৰা ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলা ২-১ ৰ ব্যৱধানত জয়লাভ কৰাৰ পাছত টি-২০ শৃংখলাও জয়েৰে আৰম্ভ কৰিবলৈ সক্ষম হৈছে।
১০. এইবাৰ বিজেপিত যোগদান কৰিব থাওৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে। ২ আগষ্টত বিজেপিত যোগদান কৰিব সুশান্ত বৰগোহাঁইয়ে। বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ যুৱ বিধায়কজনে। ৩০ জুলাইত সমষ্টিৰ পৰা গুৱাহাটীলৈ আহিব তেওঁ। শেহতীয়াকৈ বিধায়কজনে বিজেপিত যোগদান কৰিব বুলি চৰ্চা আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰিছিল।
The post পুৱাৰ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3l2YmPh
via IFTTT
Comments
Post a Comment