মুম্বাইলৈ এয়াৰ লিফ্ট কৰা হ’ব শিলচৰৰ গুলীবিদ্ধ এছ পিক..

ডিজিটেল ডেস্কঃ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সোমবাৰে মিজোৰ গুলীত ৭ জনকৈ ব্যক্তি নিহত হোৱাৰ লগতে ৭০ জনতকৈ অধিক লোক আহত হোৱাৰ ঘটনা সংঘটিত হৈছিল। মিজোৰ এই আক্ৰমণত অসম আৰক্ষীৰ জোৱানৰ লগতে গুৰুত্বৰভাৱে আহত হৈছিল কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰ।

আৰক্ষী অধিক্ষকগৰাকীৰ দেহত লাগিছিল মিজোৰ গুলী।সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজৰ আই চি ইউত চিকিৎসাধীন হৈথকা আৰক্ষী অধিক্ষকজনৰ উৰুত এক অস্ত্ৰেপচাৰ কৰাৰ প্ৰয়োজন। জানিব পৰা মতে আৰক্ষী অধিক্ষকগৰাকীৰ পৰিয়ালে নিজৰ গৃহ ৰাজ্য মুম্বাইত এই অস্ত্ৰোপচাৰ কৰিবলৈ বিচাৰিছে। সেয়েহে পৰিয়ালৰ ইচ্ছা অনুসৰি আৰক্ষী অধীক্ষকগৰাকীক মুম্বাইলৈ এয়াৰ লিফ্ট কৰাৰ সম্ভাৱনা আছে।

ইফালে এই সমস্ত ঘটনাৰ বুজ লবলৈ ইতিমধ্যে সীমান্তত উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাই শিলচৰ মেডিকেল কলেজত আহত আৰক্ষী অধীক্ষকগৰাকীৰ লগতে জোৱানসকলৰ সাস্থ্যৰ বুজ লয়।

The post মুম্বাইলৈ এয়াৰ লিফ্ট কৰা হ’ব শিলচৰৰ গুলীবিদ্ধ এছ পিক.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3l0YxLa
via IFTTT

Comments