মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধেমাজি জিলাৰ আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ…

ডিজিটেল সংবাদ, ধেমাজিঃ কোৰোনা অতিমাৰীয়ে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা জুৰুলা কৰাৰ সময়তে ইন্ধনজাত আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ ৰাইজক একেবাৰে জুৰুলা কৰি পেলাইছে। কোভিড ১৯ অতিমাৰীৰ পৰা হাত সাৰিবলৈ চৰকাৰে গ্ৰহণ কৰা ল’কডাউন আৰু কাৰ্ফিউ বাবে দিন হাজিৰা কৰা ৰাইজৰ লগতে বহু ৰাইজে কৰ্ম সংস্থাপন হেৰুওৱাব লগা পৰিস্থিতিৰ হৈছে। সেইসকল লোকে এতিয়া দুবেলা দুসাঁজ খাবৰ বাবে হাহাকাৰ কৰি থাকিব লগীয়া হৈছে, কিন্ত তেনে সময়তে পেট্ৰ’ল আৰু ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী সমূহৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক বাৰুকৈয়ে মাধমাৰ সুধাইছে।
ইয়াৰ প্ৰতিবাদত সোমবাৰে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ আহ্বানত সমগ্ৰ ধেমাজি জিলাতে ইন্ধনজাত আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰা হয় । জিলাখনৰ গোগামুখ, বৰদলনি, ধেমাজি সদৰ, পশ্চিম ধেমাজি, মাছখোৱা, জীয়াঢল, শ্ৰীপাণি, চিচিবৰগাওঁ, ডিমৌ, চিমেন চাপৰি, ডেকাপাম, জোনাই সকলোতে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত ধেমাজি শ্বহীদ বেদী স্থিত থানা তিনিআলিত অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকি সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মাই কয় যে মূল্যবৃদ্ধি ৰোধ কৰাত হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখন চূড়ান্ত ব্যৰ্থ হৈছে ।
সমগ্ৰ অসমৰ ভিতৰত ধেমাজি জিলাখনত ইন্ধনজাত সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ মূল্য সৰ্বাধিক হোৱা দেখা যায় । পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপ কৰা অত্যধিক কৰৰ প্ৰভাৱ সকলো সামগ্ৰীতে পৰা পৰিলক্ষিত হৈছে । কলা বেপাৰীয়ে খাদ্য সামগ্ৰীৰ কৃত্রিম নাটনি সৃষ্টি কৰি নিজ ইচ্ছামতে দাম নিৰ্ধাৰণ কৰিছে । অসম চৰকাৰৰ বিয়াগোম যোগান বিভাগটো কেৱল নামত আছে, কোনো কামত নাই । কেন্দ্ৰত তথা অসমত এতিয়া কলা বেপাৰীৰ চৰকাৰ আছেনে ৰাইজৰ দ্বাৰা গঠিত এখন গণতান্ত্রিক চৰকাৰ আছে সেইকথা ৰাইজে ভাবিবলৈ বাধ্য হৈছে । সৰ্বসাধাৰণ ৰাইজৰ দুখ দুৰ্গতিৰ কথা বুজ লবলৈ এইখন চৰকাৰৰ কোনো গুৰুত্ব নাই ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱাই চৰকাৰক সকীয়াই দি কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন চৰকাৰে যদি ৰাইজৰ দুখ দুৰ্গতিৰ উমান লৈ অতিশ্ৰীঘে পেট্ৰ’ল-ডিজেলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম নিয়ন্ত্রন নকৰে তেন্তে আগন্তুক দিনত সৰ্বসাধাৰণ ৰাইজ আৰু ছাত্র সন্থাৰ ক্ষোভৰ সন্মুখীণ হ’বলৈ সাজু হৈ থাকক ।
কাৰ্যসূচীত ধেমাজি জিলা ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পৰাগ বৰগোহাঁই, বিত্ত সম্পাদক ৰবি কছাৰী, ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত বৰগোহাঁই, সাধাৰণ সম্পাদক কৰুণজ্যোতি চেতিয়া উপস্থিত থাকে৷ বৰদলনিত আঞ্চলিকৰ সভাপতি দেৱাশীস শইকীয়াৰ নেতৃত্বত বৰদলনি চাৰি আলিত এই বিক্ষোভ কাৰ্য্যসুচী পালন কৰা হয় ৷ আনহাতে গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্য্যসূচী পালন কৰে।
The post মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধেমাজি জিলাৰ আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UHJJq1
via IFTTT
Comments
Post a Comment