আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস…

ডিজিটেল ডেস্কঃ আজি ২৬ জুলাই । ভাৰতৰ বাবে এটা চিৰস্মৰনীয় দিন । আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস । ১৯৯৯ চনৰ জুন মাহত সীমান্তৰ কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজ্জা ।

প্ৰায় ডেৰমাহ দিন ধৰি চলিছিল দেশ মাতৃক ৰক্ষাৰ যুঁজ । উক্ত যুজঁত কেবা শতাধিক সৈনিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল সহস্ৰাধিক জোৱান । তাৰ পিছতো ভাগৰি পৰা নাছিল ভাৰতীয় সেনা । শত্ৰুৰ সকলো কৌশল উফৰাই আজিৰ দিনটোতে কাৰ্গিলত প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিচান । সেই দিন ধৰি উক্ত দিনটো পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপে ।

গুলী-বাৰুদ,মিছাইলৰ শব্দই উত্তপ্ত কৰি তুলিছিল সমগ্ৰ পৰিবেশ । য’ত আন বহুজনৰ লগতে দেশৰ কাৰণে জীৱন বলিদান দিছিল অসম সন্তান বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈয়ে । ১১ দিন পৰ্যন্ত মুখত এটুপি পানী নিদিয়াকৈয়ে যুদ্ধত অবতীৰ্ণ হৈছিল ভাৰতীয় সেনা জোৱান সকল । আনহাতে মৃত্যুৰ দহ দিনৰ পিছত বৰফৰ মাজৰ পৰা উদ্ধাৰ হৈছিল আন বহু জনৰ লগতে বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নিঠৰ দেহ । 

The post আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3y8mjZb
via IFTTT

Comments