লাভলীনাৰ বিজয় কামনাৰে বন্তি প্ৰজ্বলন

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসম কন্যা লাভলীনাৰ বিজয় কামনা কৰি নগাঁও জিলাৰ ৰাইডঙীয়া কাৰাটে ড’ এচছিয়েশ্বনৰ উদ্যোগত সোমবাৰে বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা জনোৱা হয়৷ টকিঅ’ত বিশ্বজয়ৰ প্ৰয়াস কৰা লাভলীনাই কাইলৈ পুৱাই টকিঅ’ অলিম্পিকৰ ৰিঙত নামিব।
প্ৰথম খেলত বাই লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰা লাভলীনাই প্ৰি-কোৱাৰ্টাৰত বিপক্ষ জাৰ্মানীৰ খেলুৱৈগৰাকীক ধাৰাশায়ী কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰাৰ বাবে প্ৰাৰ্থনা জনাই সোমবাৰে সন্ধিয়া সম্পূৰ্ণ কোভিড প্ৰট’কল ৰক্ষা কৰি ৰাইডঙীয়া দেউৰী চুক নামঘৰত বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানত নামঘৰীয়া জীতেন শইকীয়া, ৰাইডঙীয়া কাৰাটে ড’ এচছিয়েশ্বনৰ সভাপতি প্ৰভাস বৰা, সম্পাদক শংকৰজ্যোতি শৰ্মা, অনুপম ৰাজখোৱা, প্ৰভাত দাস, টংকেশ্বৰ বৰা, নৱ কুমাৰ হাজৰিকা, ৰানা দাসকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
The post লাভলীনাৰ বিজয় কামনাৰে বন্তি প্ৰজ্বলন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3eZKSQA
via IFTTT
Comments
Post a Comment