কৰ’না মোকাবিলাত ব্যৰ্থ, অৰ্থনীতিৰ অৱনমন! প্ৰবল প্ৰতিবাদৰ সন্মুখত অপসাৰিত টিউনিছিয়াৰ প্ৰধানমন্ত্ৰী

কৰ’না ভাইৰাছৰ সংক্ৰমণ মোকাবিলা কৰাত ব্যৰ্থতাৰ লগতে দেশখনৰ অৱনমিত হৈ পৰা অৰ্থনীতিৰ বাবে চৰকাৰক দায়ী কৰি দেশখনৰ জনসাধাৰণে প্ৰবল প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল।

জনসাধাৰণৰ এনে তীব্ৰ আন্দোলনৰ বাবে টিউনিছিয়াৰ ৰাষ্ট্ৰপতি কাইছ ছাইয়েদে সংসদ স্থগিত ৰখাৰ লগতে প্ৰধানমন্ত্ৰী হিচাম মেচিচিক অপসাৰণ কৰিছে।

দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাসভৱনত জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ পাছত বিবৃতিযোগে এই কথা ঘোষণা কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন ঘোষণাৰ পাছত যাতে দেশত আৰু প্ৰতিবাদ গভীৰ নহয় তাৰ বাবে সাৱধানবাণীও শুনাইছে।

বিবৃতিত স্পষ্ট কৰি দিয়া হৈছে যে কোনোৱে যদি হাতত অস্ত্ৰ তুলি লয় বা গুলী চলায় তেতিয়াহ’লে সশস্ত্ৰ বাহিনীয়েও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব।

আনহাতে, দেওবাৰেও দেশখনৰ ৰাজধানী টিউনিছকে ধৰি বহুকেইখন চহৰত সংসদ ভংগ কৰি দিয়া তথা নিৰ্বাচনৰ দাবীত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাৱ্যস্ত কৰে।

The post কৰ’না মোকাবিলাত ব্যৰ্থ, অৰ্থনীতিৰ অৱনমন! প্ৰবল প্ৰতিবাদৰ সন্মুখত অপসাৰিত টিউনিছিয়াৰ প্ৰধানমন্ত্ৰী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3iLwVqs
via IFTTT

Comments