শ্বহীদ জিন্টু গগৈৰ লগত থাকি শত্ৰুৰ সৈতে যুঁজা অসমৰ আন এগৰাকী সেনা জোৱান…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ আজি ২৬ জুলাই । ভাৰত বৰ্ষৰ বাবে এটা চিৰস্মৰনীয় দিন । আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস । ১৯৯৯ চনৰ জুন মাহত সীমান্তৰ কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজ্জা । প্ৰায় ডেৰমাহ দিন ধৰি চলিছিল দেশ মাতৃক ৰক্ষাৰ যুঁজ ।

উক্ত যুজঁত কেবা শতাধিক সৈনিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল সহশ্ৰাধীক জোৱান । তাৰ পিছতো ভাগৰি পৰা নাছিল ভাৰতীয় সেনা । শত্ৰুৰ সকলো কৌশল ওফৰাই আজিৰ দিনটোতে কাৰ্গিলত প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিচান । সেই দিন ধৰি উক্ত দিনটো পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপে । গোলা বাৰুদ,মিছাইলৰ শব্দই উত্তপ্ত কৰি তুলিছিল সমগ্ৰ পৰিবেশ ।

য’ত আন বহুজনৰ লগতে দেশৰ কাৰণে জীৱন বলিদান দিছিল অসম সন্তান বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈয়ে । ১১ দিন পৰ্যন্ত মুখত এটুপি পানী নিদিয়াকৈয়ে যুদ্ধত অবতীৰ্ণ হৈছিল ভাৰতীয় সেনা জোৱান সকল । তীব্ৰ খাদ্য সংকটত পৰা সৈনিক সকলৰে ৭ জন সৈনিকে মাত্ৰ এটা ৰঙালাও খাই কটাবলগীয়া হৈছিল ৪ টাকৈ দিন । আনহাতে মৃত্যুৰ দহ দিনৰ পিছত বৰফৰ মাজৰ পৰা উদ্ধাৰ হৈছিল আন বহু জনৰ লগতে বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নিঠৰ দেহ ।

জিন্টু গগৈৰ সৈতে পাকিস্তানী সেনাৰে সমুখ সমৰত লিপ্ত হৈছিল অসমৰ আন এগৰাকী সৈনিক । যি গৰাকী সৈনিকৰ কোলাতে মৃত্যু বৰণ কৰিছিল বিক্ৰম সিং নামৰ এগৰাকী ভাৰতীয় সেনা জোৱানে । আজিও জীবিত অৱস্থাত আছে এই গৰাকী সেনা জোৱান । নাম শোভন চন্দ্ৰ কাকতি । সুদীৰ্ঘ ২৬ বছৰ কাল ভাৰতীয় সেনাবাহিনীৰ চিকিৎসা বিভাগত কৰ্মৰত এই গৰাকী সৈনিকে বিগত ২০১২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰে ।

অৱসৰপ্ৰাপ্ত এই গৰাকী সৈনিকৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰীত । বহু চৰ্চিত সেই কাৰ্গিল যুদ্ধৰ চাক্ষুস অভিজ্ঞতাৰে পুষ্ট এই গৰাকী সৈনিকে অসমীয়া প্ৰতিদিন ডিজিটেলৰে হোৱা এক বাৰ্তালাপত যুদ্ধ ক্ষেত্ৰত লাভ কৰা চাক্ষুস অভিজ্ঞতা প্ৰকাশ কৰি একপ্ৰকাৰ আবেগিক হৈ পৰে । অৱসৰ গ্ৰহণৰ পিছৰে পৰা আজিৰ এই বিশেষ দিনটোত নিজ গৃহতে বীৰ শ্বহীদ সকলক স্মৰণ কৰি আহিছে এই গৰাকী সৈনিকে ।

উল্লেখ্য যে অৱসৰ গ্ৰহণৰ পিছত বৰ্তমান সমাজ সেৱাৰ লগত নিজকে জড়িত কৰা একালৰ চিকিৎসা বিভাগৰ সৈনিক গৰাকী প্ৰকৃতিপ্ৰেমী বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সালোক্য সেৱা কানন,অসমৰ কাৰ্য্যকৰী সভাপতি,পিছলা শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক,ৰাম গগৈ সাহিত্য গোষ্ঠী,অসমৰ প্ৰচাৰ সম্পাদক হিচাপে নিষ্ঠাৰে কাৰ্য সম্পাদন কৰাৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুস্থান-প্ৰতিস্থানৰ লগতো সক্ৰিয় ভাবে জৰিত হৈ পৰিছে ।।

The post শ্বহীদ জিন্টু গগৈৰ লগত থাকি শত্ৰুৰ সৈতে যুঁজা অসমৰ আন এগৰাকী সেনা জোৱান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zFltDL
via IFTTT

Comments