কাৰ্গিলৰ শ্বহীদৰ পৰিয়ালৰ বাবে প্ৰতিদিনে এহেজাৰ টকাকৈ জমা ‘কাৰ্গিল বিজয় চপ হাউচ’ৰ

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ চহৰত ১৯৯৯ চনৰ ১৩ জুলাই তাৰিখে এখন চাট হাউচ্ আৰম্ভ হৈছিল। চাট্ হাউচ খনৰ নামাকৰন কৰিছিল কাৰ্গিল বিজয় চাপ হাউচ।সেই সময়ত কাৰ্গিল সীমান্তত জ্বলিছিল জুইৰ শিখা,ভাৰত পাকিস্তান মাজত কাৰ্গিলত দেশ আৰু জাতিৰ বাবে ভাৰতীয় সেনাই চলাই গৈছিল মৰনপন যুদ্ধ। ভাৰতবৰ্ষৰ প্ৰতি গৰাকী লোকেই সীমান্তৰ যুদ্ধৰ বিভীষিকাত ম্ৰিয়মান হৈছিল। তেনে এটা দিনতেই মঙলদৈৰ এজন শিক্ষিত যুৱক সুব্ৰত দাসে কাৰ্গিলত ভাৰতীয় সেনাৰ বিজয়ৰ ভবিষ্যতবানী কৰি মঙলদৈ চহৰত ১৯৯৯ চনৰ ১৩ জুলাই তাৰিখে প্ৰতিষ্ঠা কৰিছিল এই কাৰ্গিল বিজয় চাট হাউচ্। পৰৱৰ্তী সময়ত ২৬ জুলাই তাৰিখে ভাৰত পাকিস্তান মাজত হোৱা কাৰ্গিল যুদ্ধত কেইবাজনো ভাৰতীয় সেনা জোৱানৰ বলিদানৰ বিনিমযয়ত ভাৰতে বিজয় সাব্যস্ত কৰে।

কাৰ্গিল বিজয় চাট হাউচ্ আৰম্ভ কৰাৰ দিন ধৰি চাট হাউচ্ খনৰ স্বত্বাধিকাৰী সুব্ৰত দাসে প্ৰতি দিনে জমা কৰি আহিছে কাৰ্গিলৰ শ্বহীদ সকলৰ পৰিয়ালৰ বাবে। ইতিমধ্যে কাৰ্গিল বিজয়ৰ ২২ বৰ্ষ পূৰ্ন হ’ল। প্ৰতিবছৰে কাৰ্গিল বিজয় দিৱস পালন কৰে কাৰ্গিল বিজয় চাট হাউচে। সোমবাৰে কোভিড প্ৰট’কল মানি অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰে কাৰ্গিল বিজয় উৎসৱ। এই কাৰ্গিল বিজয় উৎসৱত সুব্ৰত দাসে প্ৰকাশ কৰে যে কাৰ্গিল বিজয়ৰ ৰূপালী জয়ন্তী বৰ্ষত মঙলদৈতে এক বিস্তৃত কাৰ্যসূচী ৰূপায়ন কৰি কাৰ্গিলৰ শ্বহীদ সকলৰ পৰিয়ালৰ লোক সকলক আমন্ত্ৰণ জনোৱা হ’ব লগতে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক ভাৱে সহায় কৰিব।

কাৰ্গিল বিজয় চাট হাউচে এনেদৰে প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস উদযাপন কৰি অহাৰ বাবে মঙলদৈবাসীয়ে চাট হাউচ্ খনৰ স্বত্বাধিকাৰী সুব্ৰত দাসক ধন্যবাদ জনাইছে লগতে সুব্ৰতে অনুষ্ঠিত কৰিবলগীয়া কাৰ্গিল বিজয়ৰ ৰূপালী জয়ন্তীলৈও শুভকামনা জনাইছে।

The post কাৰ্গিলৰ শ্বহীদৰ পৰিয়ালৰ বাবে প্ৰতিদিনে এহেজাৰ টকাকৈ জমা ‘কাৰ্গিল বিজয় চপ হাউচ’ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3i78jtb
via IFTTT

Comments