পুৱাই দু্ৰ্ঘটনাঃ মহিলাসহ ছয়গৰাকী চিকিৎসাধীন..

ডিজিটেল সংবাদ বকোঃ দক্ষিণ কামৰূপৰ খৰখৰীত পুৱাতে হোৱা এক পথ দুৰ্ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে ছয়গাঁৱ থানাৰ অন্তৰ্গত খৰখৰীত গোৱালপাৰা জিলাৰ দৰংগিৰিৰ পৰা শাক-পাচলি কঢ়িয়াই নিয়া এএচ-০১/জেচি-১৯৪২নম্বৰৰ ব’লেৰ’ পিকআপ ভানখন দুৰ্ঘটনাত পতিত হয় ।দুৰ্ঘটনাত পতিত ব’লেৰ’ খনৰ নম্বৰ এ এছ ০১ জে চি ১৯৪২।

ফলত বাহনখনত থকা মহিলা ব্যৱসায়ীসহ ছয়গৰাকী লোক গুৰুতৰ ভাৱে আহত হয় ।দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত ছয়গাঁৱ আৰক্ষীয়ে ব্যৱসায়ী কেইগৰাকীক চিকিৎসালয়ত নি চিকিৎসাৰ ব্যৱস্থা কৰিছে । আনহাতে গাড়ীখনত থকা ব্যৱসায়ীসকলৰ শাক-পাচলি সমূহ নষ্ট হয় ।

The post পুৱাই দু্ৰ্ঘটনাঃ মহিলাসহ ছয়গৰাকী চিকিৎসাধীন.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VaPJHy
via IFTTT

Comments