আৰক্ষীৰ বৃহৎ সফলতাঃ বিটিআৰত ইউএলবিৰ ১০সদস্যক আটক…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়োভূমিত নতুনকৈ আত্মপ্ৰকাশ কৰি ৰাজ্যত অহা অক্টোৱৰ মাহত ধাৰাবাহিক বোমা বিষ্ফোৰণৰ দৰে ভয়াবহ ভাবুকি দি সকলোৰে নিদ্ৰাহৰণ কৰা সশস্ত্ৰ সংগঠন ইউনাইটেট লিবাৰেচন ফৰ বড়োলেণ্ড চমুকৈ ইউএলবিৰ ১০ টা কেডাৰক যোৱা ২৪ ঘন্টাত আৰক্ষী আৰু চিআৰপিএফে যৌথ অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে কোকৰাঝাৰত ৮ জনক, চিৰাঙত এজনক আৰু বাক্সা জিলাত এজনক সৰ্বমুঠ ১০ জনক কৰায়ত্ব কৰা হৈছে বুলি সংবাদমেলত সদৰি কৰিছে বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি এল আৰ বিঞ্চুইৱে ৷

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি আয়োজিত হোৱা এক সংবাদমেলত বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি এল আৰ বিঞ্চুইৱে কয় যে ইউএলবিৰ ২২ জন কেডাৰৰ তালিকা আৰক্ষীৰ হাতত পৰাৰ পিছতে সমগ্ৰ বিটিআৰত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলে । বিগত ২৪ ঘণ্টাত ইউএলবিৰ ১০টাকৈ কেডাৰ গ্ৰেপ্তাৰ কৰাটো নিৰাপত্তা বাহিনীৰ বাবে বৃহৎ সাফল্য বুলি দাবী কৰে । তদুপৰি ইউএলবিৰ বিৰুদ্ধে পৃথকে পৃথকে চলা অভিযানত ধৃত ইউএলবি কেডাৰৰ কবলৰ পৰা ২১খন বড়ো ভাষাত লিখা ধনদাবী পত্ৰ, ১২ টা মোবাইল আৰু দুটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

আনহাতে ইউএলবিৰ ভাইৰেল হোৱা ভিডিঅ’ৰ সতে জড়িত দহ জনৰ ভিতৰত ছয় জনক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰা বুলি সদৰি কৰিছে বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি এল আৰ বিঞ্চুইৱে৷ সংবাদমেলত ইউএলবিৰ বিৰুদ্ধে চলোৱা অনুসন্ধানত সংগঠনটোৰ হাতত মজুত থকা ১০ টা মাৰণাস্ত্ৰৰ ভিতৰত ছটা অত্যাধুনিক মাৰণাস্ত্ৰ মজুত থকাৰ তথ্য সদৰি কৰি বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি এল আৰ বিঞ্চুইৱে দলটোৰ বিৰুদ্ধে অধিক কঠোৰ অভিযান অব্যাহত থাকিব বুলি দাবী কৰিছে । বড়োভুমিত তিনিখনকৈ চুক্তি সম্পদনাৰ পিছতো পুণৰ সশস্ত্ৰ সংগঠন ইউএলবিৰ জন্মই জনতাৰ মাজত আতংকৰ সৃষ্টি কৰা বুলিও আজি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে ৷

তদুপৰি ছছিয়েল মিডিয়াত প্ৰৰোচনামুলক বক্তব্য নাৰাখিবলৈ আহ্বান জনাই এলআৰ বিষ্ণইৱে কয় যে ইতিমধ্যে ছছিয়েল মিডিয়াত প্ৰৰোচনামুলক বক্তব্য আগবঢ়োৱাৰ বাবে কেবাগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অনাগত সময়ছোৱাতো আন ভালেকেইগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হব বুলি সদৰি কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত হোৱা সংবাদমেলত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিঙ পানেছাৰ, চিআৰপিএফ ডিআইজি জয়দেৱ কেশৰী আৰু চিআৰপিএফৰ ১২৯ নং বেটেলিয়নৰ অধিনায়ক গুলাব সিঙ উপস্থিত আছিল ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3AH3Kg2
via IFTTT

Comments