পুৱাৰ খবৰ…

১. অসমত পুনৰ ৩৭৫জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১৩৩জন কামৰূপ মেট্ৰ’ৰ, ৩৬৬জন যোৰহাটৰ, ২৮জন বৰপেটাৰ আৰু ২২জন কামৰূপ গ্ৰাম্যৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০০৪২৩জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩৬৬জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৪জনৰ মৃত্যু। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৩১৪জন ৰোগী।
২. গুৱাহাটী মহানগৰত মৰ্মান্তিক ঘটনা। আৰ্থিক দীনতাৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল। মহানগৰীৰ সাতগাঁৱত পত্নী-পুত্ৰক ছুৰীৰে আঘাত কৰি আত্মহত্যা এজনৰ। আত্মহত্যা কৰা ব্যক্তিজনৰ নাম ভৱেশ শৰ্মা। ভৱেশ শৰ্মা আছিল হোমিঅ’ ফাৰ্মাচীৰ স্বাত্ত্বাধিকাৰী। পিতৃৰ ছুৰীৰ আঘাতত ঘটনাস্থলীতে মৃত্যু ৬ বছৰীয়া পুত্ৰৰ। জি এম চি এইছত চিকিৎসাধীন ভৱেশ শৰ্মাৰ পত্নী হিমদ্ৰী শৰ্মা।
৩. গুৱাহাটীৰ পৰা শিলচৰৰ অভিমুখে যোৱা সামগ্ৰী ভৰ্ত্তি ট্ৰাক ৰহস্যজনক ভাবে উদ্ধাৰ হ’ল নগাঁও বাইপাছৰ উৰিয়াগাঁৱত ৷ ট্ৰাকখনৰ পৰা অন্তৰ্ধান ৩৬ লাখ টকাৰ আমূল কোম্পানীৰ সামগ্ৰী ৷ বৰ্তমানলৈ সন্ধান নাই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ ৷ যোৱা ২১ ছেপ্তেম্বৰত গুৱাহাটী আজাৰৰ CTA Logistics Limitedৰ পৰা শিলচৰ অভিমূখে ৰাওনা হোৱা আমূল গাখীৰ ভৰ্ত্তি ট্ৰাকখনৰ নম্বৰ AS 01FC 9336। কিন্তু যোৱা ২২ চেপ্তেম্বৰৰ পৰা ট্ৰাকখনৰ চালক কৰিমগঞ্জৰ হুছেইন আহমেদৰ লগত এজেঞ্চি কৰ্তৃপক্ষই কোনো যোগযোগ নোহোৱাত আজাৰা আৰক্ষীৰ কাষ চাপে CTA Logistics Limitedৰ কৰ্তৃপক্ষ৷ তাৰপাছত শনিবাৰে নগাঁও বাইপাচৰ উৰিয়াগাঁও পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয় ট্ৰাকখন ৷ ট্ৰাকখনৰ চালক-হেণ্ডিমেনে অসাধু চক্ৰৰ লগত মিলি ট্ৰাকখনত থকা ৩৬ লাখ টকাৰ সামগ্ৰী বিক্ৰী কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।
৪. যোৰহাট আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত। ধৃতদ্বয়ৰ পৰা পৃথকে পৃথকে নগদ ধনো জব্দ। ধৃত যোৰহাটৰ অনিমেষ শইকীয়া, ধেমাজিৰ নিতুল গগৈ। অনিমেষ শইকীয়াৰ পৰা নগদ ৩,৮০,০০০ টকা জব্দ। নিতুন গগৈৰ পৰা নগদ ২ লাখ টকা জব্দ কৰে আৰক্ষীয়ে। লগতে এখন দুচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে। যোৰহাটৰ এজন ব্যৱসায়ীৰ পৰা লুটি নিছিল নগদ ৬ লাখ টকা। অনিমেষৰ সম্পৰ্কীয় এঘৰৰ পৰা জব্দ ৫৭,৬০০ টকা। দুয়োৰে বিৰুদ্ধে যোৰহাট সদৰ থানাত ৰুজু হৈ আছিল গোচৰ।
৫. নগাঁও জিলাৰ আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ নকৰাক কেন্দ্ৰ কৰি ক্ষোভিত ৰাইজ। ক্ষোভিত ৰাইজে তলা লগাই আবদ্ধ কৰি ৰাখিছে বিদ্যালয়ৰ অধ্যক্ষক। আবদ্ধ হৈ থকা অধ্যক্ষগৰাকী ড০ ফকৰ উদ্দিন আলি আহমেদ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী উপস্থিত। জুৰীয়া আৰক্ষী বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। ইয়াৰোপৰি অধ্যক্ষ ড০ ফকৰ উদ্দিন আলি আহমেদক সোধ পোছ আৰম্ভ কৰিছে আৰক্ষীয়ে।
৬. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি সামাজিক-সাংস্কৃতিক সংগঠন “সহোদৰ”ৰ উদ্যোগত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে আয়োজন কৰা এই ৰচনা প্ৰতিযোগিতাৰ বিষয় “অসমীয়া নাট্য সাহিত্যৰ জনক শংকৰদেৱ”। স্বৰ্গীয়া কুসুম শইকীয়াৰ সোঁৱৰণত অনুষ্ঠিত এই ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩০০১ টকা, দ্বিতীয় পুৰস্কাৰ ২০০১ টকা, তৃতীয় পুৰস্কাৰ ১০০১ টকাৰ লগতে কিতাপৰ টোপোলা, কলম, ট্ৰফি, জাপি আৰু মানপত্ৰ প্ৰদান কৰা হব। ৰচনা সমূহ ডাক, কুৰিয়াৰ যোগেদি -শংকৰজ্যোতি শৰ্মা, ৰাইডঙীয়া, ডাক – আইভেটি, নগাঁও(অসম), পিন ৭৮২০০২ ঠিকনাত ৮ অক্টোবৰৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব।
৭. প্ৰৱঞ্চনাৰ গোচৰত মৃদুপৱন নেওঁগ নামৰ এজন যুৱকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। যুৱকজনৰ কাহিলীপাৰাৰ বাসগৃহত নগাওঁ আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান। দীৰ্ঘসময় ধৰি বহুলোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে এই যুৱকজনৰ বিৰুদ্ধে। আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি-পত্ৰ। ব্যক্তিগত বাহনত যুৱকজনে ভাৰত চৰকাৰৰ ষ্টিকাৰ মাৰি থোৱা তথ্যও পোহৰলৈ আহিছে। নিজকে ভাৰত চৰকাৰৰ বিষয়া বুলি পৰিচয় দিয়ে নেওঁগ উপাধিৰ এই প্ৰৱঞ্চকটোৱে। আৰক্ষীৰ অভিযানৰ সময়ত যথেষ্ট সংখ্যক সোণৰ আ-অলংকাৰ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা .৩২এম এম পিষ্টল। ২০জাই সজীৱ গুলীও উদ্ধাৰ হৈছে নেওগঁৰ বাসগৃহৰ পৰা। যুৱকজনৰ বিৰুদ্ধে নেহাৰ কাৰ বজাৰে ৰুজু কৰিছিল নগাঁৱত গোচৰ। গাড়ী বিক্ৰীৰ নামত ৩০লাখ টকা প্ৰৱঞ্চনা কৰিছিল এই যুৱকজনে। মহানগৰ ভগদত্তপুৰ আৰক্ষীৰ সহযোগত চলোৱা হৈছিল এই অভিযান।
৮. UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী। ২৮৩ নং ৰেংক লাভ কৰে হাইলাকান্দিৰ লখিৰবন্দ নিবাসী হাছানুজ্জামানে। তেওঁ AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ। আহমেদ হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক।
৯. নৰহত্যা , ধৰ্ষণ , ডকাইতি , ভয় ভাবুকিৰে ধন দাবী, কৰ্তব্যৰত আৰক্ষীক প্ৰাণনাশী আক্ৰমণ আদি অগণন গোচৰৰ কুখ্যাত পলাতক আচামী , অসম আৰক্ষীৰ নিদ্ৰাহৰণকাৰী অপৰাধী গেৰজাই বৰুৱা(৩৪) অৱশেষত আৰক্ষীৰ জালত পৰিল । শুক্ৰবাৰে নিশা ঢকুৱাখনা সদৰ থানা আৰক্ষী , সোনাৰী চাপৰি আৰক্ষীৰ যুটীয়া অভিযান কালত ফাণ্ডত পৰে লখিমপুৰ ,ধেমাজি জিলাত সন্ত্ৰাস সৃষ্টিকাৰী গেৰজাই । ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাজ জালভাৰী গাঁওৰ নিবাসী এইটো অপৰাধীয়ে শুক্ৰবাৰে ঢকুৱাখনা থানাৰ অন্তৰ্গত কপহুৱা গাঁওৰ পথাৰত অৱস্থান লোৱাৰ সম্ভেদ লাভ কৰে আৰক্ষীয়ে ।
১০. গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ আঁৰত আছিল প’পুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ পি এফ আই নামৰ বিতৰ্কিত সংগঠন। আৰক্ষীৰ তদন্ত আৰু চোৰাংচোৱাৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গৰুখুঁটিত সংঘটিত এই হিংসাত্মক ঘটনাৰ বাবে পি এফ আইৰ দৰে সংগঠনৰ হাত আছিল বুলি ইংগিত প্ৰদান কৰিছে। ছিপাঝাৰৰ গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ আঁৰত থকা ৬ জন ব্যক্তিক চিনাক্ত কৰাৰ লগতে চৰকাৰে ঘোষণা কৰা তদন্তত সকলো স্পষ্ট হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। কেন্দ্ৰীয় চৰকাৰক অসম চৰকাৰে পি এফ আইক নিষিদ্ধ ঘোষণা কৰিবলৈ অনুৰোধ জনাব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3u9XpXY
via IFTTT
Comments
Post a Comment