অসম আৰক্ষীৰ “ম’ষ্ট ৱাণ্টেদ”  গেৰজাই গুলিবিদ্ধ হৈ চিকিৎসাধীন…

ডিজিটেল সংবাদ: ঢকুৱাখনা :  নৰহত্যা , ধৰ্ষণ ,  ডকাইতি , ভয় ভাবুকিৰে ধন দাবী,  কৰ্তব্যৰত আৰক্ষীক প্ৰাণনাশী আক্ৰমণ আদি অগণন গোচৰৰ  কুখ্যাত  পলাতক আচামী , অসম আৰক্ষীৰ নিদ্ৰাহৰণকাৰী  অপৰাধী গেৰজাই  বৰুৱা(৩৪) অৱশেষত আৰক্ষীৰ জালত পৰিল । শুক্ৰবাৰে নিশা ঢকুৱাখনা সদৰ থানা আৰক্ষী , সোনাৰী চাপৰি আৰক্ষীৰ যুটীয়া অভিযান কালত ফাণ্ডত পৰে  লখিমপুৰ ,ধেমাজি জিলাত  সন্ত্ৰাস সৃষ্টিকাৰী গেৰজাই ।  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাজ জালভাৰী গাঁওৰ নিবাসী এইটো অপৰাধীয়ে   শুক্ৰবাৰে ঢকুৱাখনা থানাৰ অন্তৰ্গত কপহুৱা গাঁওৰ পথাৰত অৱস্থান লোৱাৰ সম্ভেদ লাভ কৰে আৰক্ষীয়ে । 

গোপন সূত্ৰে  “ম’ষ্ট ৱাণ্টেদ” গেৰজাই বৰুৱাৰ অৱস্থিতি লাভ কৰি  মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা আৰু ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত এটা আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ দলে সমগ্ৰ এলেকাটোত চাৰ্চ অভিযান চলাই। শুক্ৰবাৰৰ  নিশা প্ৰায় ৮-৪৫ বজাৰ পৰা আৰম্ভ হোৱা   নিছিদ্ৰ  আৰক্ষী অভিযান কালত এটা ঘৰত আশ্ৰয় লৈ থকাৰ  উমান পাই  আৰক্ষী বাহিনীয়ে  সন্ধান চলোৱাৰ সময়তে  দুধর্ষ হত্যাকাৰী গেৰজায়ে বাহিৰলৈ ওলাই  দৌৰি ন কঁপহুৱা গাঁওৰ  ভাস্কৰ ভঁৰালীৰ বাৰাণ্ডাৰ এটা পকী কোঠাত সোমাই ।

আৰক্ষীয়ে খেদি খেদি গৈ  ঘৰটো ঘেৰাও কৰি  অপৰাধীটোক  কব্জা কৰিবলৈ সক্ষম হয়। হঠাৎ  ঘৰৰ মানুহে চাৰিওফালে আৰক্ষী দেখি ভয়ত বিতত হৈ খবৰ কৰাত  কোঠাৰ ভিতৰত গেৰজাই সোমাই থকা বুলি জানিব পাৰি ত্ৰস্তমান হৈ গৃহস্থ  নিজ নিজ কোঠাত সোমাই থাকে । ইপিনে   সামৰিক বাহিনীৰ পোছাক , টুপী জোতা পৰিহিত অপৰাধীটোক  উলিয়াই দিয়াৰ চেষ্টা কৰা গৃহস্থ ভাস্কৰ ভৰালীক মূৰত  প্ৰহাৰ কৰি আহত কৰে গেৰজায়ে। হাতত দুখন চোকা খুকুৰী লৈ কোঠাৰ ভিতৰত তাণ্ডৱ সৃষ্টি কৰা উন্মত্ত গেৰজাইক  এই  অভিযানৰ নেতৃত্ব দিয়া অচি নিৰঞ্জন বৰুৱাই আটক কৰাৰ চেষ্টা কৰাৰ  সময়তে আৰক্ষী বিষয়া গৰাকীকো ঘপিয়াই আহত কৰে ।

প্ৰায় দুঘণ্টা ধৰি চোকা অস্ত্ৰ পেলাই আত্মসমৰ্পণৰ বাবে জনোৱা আহ্বানলৈ গুৰুত্ব নিদি আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই। পাছত উপায়ন্তৰ হৈ আৰক্ষীয়ে দুই ৰাউণ্ড গুলি চলাই  ভৰি আৰু গুপ্তাঙ্গত আহত কৰে অপৰাধীটোক। আহত হৈ চোকা অস্ত্ৰ পেলাই  দিয়ে যদিও ভিতৰৰ পৰা বন্ধ কৰি ৰখা দুৱাৰ নুখুলি হুলস্থূল কৰি থাকে ।এনেতে আৰক্ষীয়ে বন্ধ দুৱাৰ ভাঙি  ঘাটকটোক গ্ৰেপ্তাৰ কৰি  ঢকুৱাখনা অসামৰিক চিকিৎসালয়লৈ নিয়ে । আঘাতৰ জটিলতালৈ লক্ষ্য কৰি চিকিৎসকে গেৰজাইক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিশা প্ৰায় ১১ বজাত লখিমপুৰলৈ নিয়াৰ পাছত পুনৰ চিকিৎসকে অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ জৰুৰী চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । সম্প্ৰতি  তাতে চিকিৎসাধীন ঘাটকটো । 

উল্লেখ্য যে প্ৰায়৬ মাহৰ পূৰ্বে এইটো ঘাটকে  গোগামুখ থানাৰ অন্তৰ্গত গোগামুখ- ঘিলামৰা ৰাজ্যিক ঘাইপথৰ টেঙাগৰা দলঙৰ সমীপত  নিশা লখিমপুৰৰ  ঘাৰমৰা ৰাংচলীয়া গাঁওৰ টুল দত্ত নামৰ এজন ব্যক্তিক অতি নৃশংস ভাবে আক্ৰমনেৰে ডকাইতি কৰি  হত্যা কৰিছিল । গোগামুখ থানাত পঞ্জীভূত গোচৰ ( নং-৪০/২০২১ ধাৰা- ভা: দ: আ:  ৩৯৪/৩০২ ) ৰ এইটো পলাতক অপৰাধীৰ গ্ৰেপ্তাৰৰ অভিযান চলোৱা সময়ত কিছুদিন পূৰ্বে ঘিলামৰা আৰক্ষীৰ এজন সশস্ত্ৰ জোৱানক প্ৰাণনাশী আক্ৰমণ চলাই উধাও হৈছিল । লখিমপুৰ  আৰু ধেমাজি জিলাৰ বিভিন্ন থানাত  পঞ্জীভূত বহুকেইটা গোচৰৰ  পলাতক আচামীটোক অৱশেষত আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত জিলা দুখনৰ ভুক্তভোগী ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে ।  হত্যা ধৰ্ষণৰ দৰে জঘন্য অপৰাধেৰে জনজীৱন সন্ত্ৰস্ত কৰি তোলা অপৰাধী  গেৰজাইক  মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ দাবী উত্থাপন হৈছে  ভুক্তভোগী পৰিয়াল সমূহৰ মাজত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zGq5ZJ
via IFTTT

Comments