দৌলাশাল আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ ,চেঙাঃ নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী। দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইয়ে বিশেষ খবৰৰ ভিত্তিত শুকুৰবাৰে অভিযান চলাই দুটা ড্ৰাগছ সৰবৰাহকাৰীক দৌলাশাল চ’ক বজাৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ৩ নং লাৰকুছিৰ প্ৰয়াত তমিজ আলীৰ পুত্ৰ তফেজ আলী(২৮) আৰু হাছেম আলীৰ পুত্ৰ জাইদুল হক (২৬) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ধৃত তফেজ আলী আৰু জাইদুল হক দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ আছে আৰু ইয়াৰ পূৰ্বে ড্ৰাগছৰ ব্যৱসায় লগত জৰিত থকাৰ অভিযোগত জে’ললৈ গৈছিল তফেজ আলী আৰু জাইদুল হক ।

ধৃত দুই যুৱকৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় দৌলাশাল আৰক্ষীয়ে। ধৃত দুয়োগৰাকী যুৱকৰ বিৰুদ্ধে দৌলাশাল আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39ykbiS
via IFTTT

Comments