জনগোষ্ঠীয় নেতাক হত্যাক লৈ উত্তপ্ত মণিপুৰ…

ডিজিটেল সংবাদ, বেকাজানঃ জেলিয়াঙ জনগোষ্ঠীৰ জেলিয়াঙৰংগ বাউদী নামৰ সংগঠনটোৰ এগৰাকী নেতা আথুৱান আবনমাইক দুস্কৃতিকাৰীয়ে অপহৰণ কৰি হত্যা কৰাক কেন্দ্ৰ কৰি যোৱা বৃহস্পতিবাৰৰ পৰা তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে মণিপুৰৰ তামেংলঙ জিলা । উল্লেখযোগ্য যে যোৱা বুধবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে তামেংলঙ জিলাৰ ভ্ৰমণ কৰি থকাৰ সময়তে এই হত্যাকাণ্ড সংঘটিত হয় । জানিব পৰামতে জেলিয়াঙৰংগ বাউদী সংগঠনৰ প্ৰাক্তন সভাপতি আথুৱান আবনমাইক সন্দেহজনক এন এছ চি এনৰ সদস্যই দিনৰ ১১:৩০বজাত অপহৰণ কৰি নিয়া বুলি তামেংলঙ থানাত তেওঁৰ পুত্ৰই অভিযোগ দাখিল কৰিছিল ।
পিছদিনা তামেংলঙ চহৰৰ পৰা ৭ কিলোমিটাৰ নিলগৰ পালঙ গাঁৱত আথুৱানৰ মৃতদেহ উদ্ধাৰ হয় । এই ঘটনাৰ পাছত সমগ্ৰ তামেংলঙ জিলাত উত্তেজনা বিয়পি পৰে আৰু অপৰাধী গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত পৰিয়ালে মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰে । মণিপুৰ চৰকাৰে আইন শৃংখলা পৰিস্থিতি অৱনতি ঘটাৰ শংকা কৰি মণিপুৰ পুলিচৰ এডিজিপি কে জয়ন্ত উপস্থিত হৈ আছাম ৰাইফল সহ মণিপুৰ আৰক্ষী ৭ কোম্পানী মোতায়েন কৰে ।
লগে লগে মণিপুৰ চৰকাৰে আই জি পি ৰাধাশ্যামৰ নেতৃত্বত তদন্ত কমিটি গঠন কৰি এই হত্যাকাণ্ডৰ ন্যায়িক তদন্ত ঘোষণা কৰি ইতিমধ্যে তামেংলঙ থানাৰ আৰক্ষী বিষয়া গৰাকীৰ লগতে অন্য ১৩ গৰাকী আৰক্ষী চাকৰিৰ পৰা নিলম্বন কৰিছে । ইফালে এই ঘটনাৰ আঁৰত নগা বিদ্ৰোহী সংগঠন এন এছ চিনৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । তামেংলঙ জিলাৰ জেলিয়াঙ জনগোষ্ঠীৰ লোকসকলে এই হত্যাকাণ্ডৰ আৰু দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদী জনাই কালি আহবান জনোৱা তামেংলঙ জিলা বন্ধত জনজীৱন স্তব্ধ হৈ পৰে । ইপিনে তামেংলঙ জিলাৰ আইন শৃংখলা অৱনতি ঘটা ঘটনাৰ পাছত আজি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এক সংবাদমেল সম্বোধন কৰে ।
সংবাদ মেলত সিঙে তামেংলঙবাসীক আশ্বাস দি কয়— যদিও এই হত্যাকাণ্ডত চৰকাৰৰ সৈতে যুদ্ধ বিৰতিত থকা কোনো সশস্ত্ৰ বিদ্ৰোহী সংগঠন জৰিত আছে তেনেহলে তদন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়ালৈ হস্তান্তৰ কৰা হব আৰু শীঘ্ৰে দোষী বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে তামেংলঙ চহৰৰ আইন শৃংখলা ব্যৰ্থতা স্বীকাৰ কৰি তামেংলঙবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XOD6mF
via IFTTT
Comments
Post a Comment