কৰ্কট ৰোগত আক্ৰান্ত নাৰায়ণপুৰৰ এগৰাকী দৰিদ্ৰ মহিলাঃ তিনিমাহে চিকিৎসাৰ অভাৱত নিজ গৃহৰ বিচনাত আছে চটফটাই…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ এগৰাকী দৰিদ্ৰ মহিলা। কৰ্কট ৰোগত আক্ৰান্ত মহিলা গৰাকী। চিকিৎসাৰ অভাৱত বিগত কেবাদিনো ধৰি নিজ ঘৰৰ বিছনাত চতফতাই আছে গংগা দেৱী নামৰ মহিলা গৰাকীয়ে। ইতিমধ্যে পত্নীৰ চিকিৎসাৰ নামত ঘৰৰ মাতি-বাৰী, গৰু-ছাগলীৰ লগতে অন্যান্য সা-সম্পতি বেছি শেষ কৰিছে স্বামী ৰূদ্ৰপ্ৰসাদ খনালে।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পূৱ নাৰায়ণপুৰ গাঁও পঞ্চায়ত এলেকাৰ চামগুৰী নেপালী গাঁৱৰ এই মহিলা গৰাকী আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত। তিনিমাহ পূৰ্বে আৰম্ভ হোৱা কৰ্কট ৰুগী মহিলা গৰাকীক পৰৱৰ্তী সময়ত লখিমপুৰৰ লগতে গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিস্থানত চিকিৎসা কৰাৰ পিছতো আৰোগ্য লাভ নকৰিলে। ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰাৰ লগতে এখন চাহৰ দোকান দি কোনো মতে পৰিয়াল পোহপাল দি অহা মহিলা গৰাকীৰ স্বামী ৰূদ্ৰপ্ৰসাদ খনালে ইতিমধ্যে ঘৰৰ মাতি-বাৰী, গোহালীৰ গৰু-ছাগলীৰ লগতে অন্যান্য সা সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হ’ল যদিও সামান্য পৰিমাণেও আৰোগ্য লাভ কৰিবলৈ সক্ষম নহল মহিলা গৰাকী।

ঘৰৰ বিছনাতে চটফটাই থকা মহিলা গৰাকীক এতিয়া সান্তনা দিছেহি ওচৰ চুবুৰীয়াই। একমাত্র ধনৰ অভাৱতেই চিকিৎসা কৰাব নোৱাৰা পত্নীক লৈ চৌদিশে হাহাকাৰ দেখিছে দুই সন্তানৰ লগতে স্বামী ৰূদ্ৰপ্ৰসাদ খনালে। স্বাস্থ্য বিভাগৰ কোনো এখন আঁচনিয়েও ঢুকি পাবলৈ সক্ষম নোহোৱা এই দুৰ্ভগীয়া পৰিয়ালটোৱে অৱশেষত সংবাদ মাধ্যমৰ জৰীয়তে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো শুভাকাংক্ষী তথা হৃদয়বান লোকৰ সহায় বিছাৰি কাতৰ আহ্বান জনাইছে।

কোনো লোকে যদি দৰিদ্ৰ মহিলা গৰাকীক সহায় কৰিব বিছাৰে তলৰ ফোন নম্বৰ-৮০১১১৮১৪৫৪ত যোগাযোগ কৰাৰ লগতে এলাহাবাদ বেংক পানবাৰী শাখাত(নাৰায়ণপুৰ) স্বামী ৰূদ্ৰপ্ৰসাদ খনালৰ নামত থকা -২২২২৪৬৩০২৮৬ নম্বৰৰ একাউন্টত কোনো লোকে ধন জমা কৰিব পৰিব।

The post কৰ্কট ৰোগত আক্ৰান্ত নাৰায়ণপুৰৰ এগৰাকী দৰিদ্ৰ মহিলাঃ তিনিমাহে চিকিৎসাৰ অভাৱত নিজ গৃহৰ বিচনাত আছে চটফটাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XGOCyX
via IFTTT

Comments