কাশ পালে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ কাট অব মাৰ্ক
ডিজিটেল সংবাদ, নতুন দিল্লীঃ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ কাট অব তালিকা প্ৰকাশ। স্নাতকৰ প্ৰথমখন কাট অফ মাৰ্ক তালিকা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনে। সেই অনুসৰি, হিন্দু কলেজত ৰাজনীতি বিজ্ঞান বিষয়ৰ কাট অব মাৰ্ক ৯৯ শতাংশ। হিন্দু কলেজত পদাৰ্থ বিজ্ঞানৰ কাট অব মাৰ্ক ৯৮.৩ শতাংশ। লেডী শ্ৰীৰাম কলেজত মনোবিজ্ঞানৰ কাট অব মাৰ্ক ৯৮.৭৫ শতাংশ। বাণিজ্য শাখাত সাধাৰণ শ্ৰেণীৰ ছাত্ৰৰ কাট অব মাৰ্ক ৯৮.৫ শতাংশ। লেডী শ্ৰীৰাম কলেজত অৰ্থনীতিৰ কাট অব মাৰ্ক ৯৮.৭৫ শতাংশ। কিৰ’ৰী মল কলেজত ইংৰাজী বিষয়ৰ কাট অব মাৰ্ক ৯৭ শতাংশৰো ওপৰত। অৰ্থনীতি আৰু বি কমৰ কাট অব মাৰ্কো ৯৭ শতাংশৰ ওপৰত। হংসৰাজ কলেজত পূৰ্বতকৈ কাট অব মাৰ্ক বৃদ্ধি কৰা হৈছে। হংসৰাজ কলেজত অৰ্থনীতি বিষয়ৰ কাট অব মাৰ্ক ৯৭.২৫ শতাংশ। ইংৰাজীত ৯৮.৫ শতাংশ কাট অব মাৰ্ক হংসৰাজ কলেজত।
The post কাশ পালে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ কাট অব মাৰ্ক appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2FDKw0d
via IFTTT
Comments
Post a Comment