শিলচৰত হজযাত্ৰীক আক্ৰমণ, আৰক্ষীৰ জালত ৩জন…

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰত হজযাত্ৰীক আক্ৰমণ কৰা তিনি দুস্কৃতিকাৰীক আটক৷ শিলচৰৰ নিজ গৃহৰ পৰা আটক কৰে আৰক্ষীয়ে৷ ধৃত যুৱক কেইজন জয়দীপ পাল, সব্যসাচী চক্ৰৱৰ্তী আৰু বাপ্পা পাল৷ বৃহস্পতিবাৰে ৩জন হজ যাত্ৰীক শিলচৰত আক্ৰমণ কৰিছিল দুস্কৃতিকাৰীৰ দল এটাই৷ এই ঘটনাক লৈ চেপা উত্তেজনা বিৰাজ কৰিছিল শিলচৰত৷ ঘটনা সন্দৰ্ভত থানাত গোচৰ তৰা হৈছিল৷ বাৰ ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছিল বিভিন্ন সংগঠনে৷
সম্প্ৰতি শিলচৰ থানাত জেৰা অব্যাহত ৰখা হৈছে লোককেইজনক৷ বাকী কেইজন দুস্কৃতিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে৷ আক্ৰমণৰ বলি হোৱা হজযাত্ৰী কেইজন হৈছে-জমিৰ উদ্দিন লস্কৰ, নাজিৰ আহমেদ লস্কৰ, আব্দুল খালিক চৌধুৰী৷ আটাইকেইজন লোকৰে ঘৰ ধলাই সমষ্টিত৷
হজত যোৱাৰ বাবে যাৱতীয় তথ্য নিবলৈ বৃহস্পতিবাৰে শিলচৰলৈ আহিছিল লোককেইজনে৷ শিলচৰৰ ভাওয়েল পইন্টত দুস্কৃতিকাৰীৰ দল এটাই হজযাত্ৰী কেইজনৰ মূৰৰ টুপী খুলি দিয়াৰ অভিযোগ৷ প্ৰাণে মৰাৰো ভাবুকি দিছিল হজযাত্ৰী কেইজনক৷
The post শিলচৰত হজযাত্ৰীক আক্ৰমণ, আৰক্ষীৰ জালত ৩জন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZWCya7
via IFTTT
Comments
Post a Comment