গোলাঘাটৰ চুঙাজান সীমান্তত চিআৰপিএফৰ সন্মুখতেই হাতত বন্দুক লৈ নগাৰ বন্যপ্ৰাণী চিকাৰঃ মৌন প্ৰশাসন…

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ডৰ সীমান্তৰ চুঙাজান অঞ্চলৰ এম. ভি. চাৰিআলিত দীৰ্ঘ দিন ধৰি চি আৰ পি এফ বাহিনীৰ সন্মুখতে নগাই হাতত বন্দুক লৈ বন্যপ্ৰাণী চিকাৰ কৰি অহা কাৰ্য্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উক্ত অঞ্চলটোত থকা নিৰপেক্ষ বাহিনী চি আৰ পি এফৰ সন্মুখতে নগা লোকে আহি চৰাই চিৰিকটি চিকাৰ কৰি লৈ যায় কিন্তু চি আৰ পি এফে চকু মুদা কুলিৰ ভাও ধৰি থকাৰ অভিযোগ উঠিছে।

দিন দুপৰতে নগাই আহি হাতত বন্দুক লৈ চি আৰ পি এফৰ নিচেই সন্মুখতে চৰাই চিৰিকটি চিকাৰ কৰি লৈ যোৱা কাৰ্যক সীমান্তবাসী ৰাইজ তথা বিভিন্ন ছাত্ৰ সংগঠনে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ উপৰিও অসম চৰকাৰক, মহকুমা প্ৰশাসন আৰু চি আৰ পি এফৰ ভূমিকাক সন্দেহজনক আখ্যা দিছে।

The post গোলাঘাটৰ চুঙাজান সীমান্তত চিআৰপিএফৰ সন্মুখতেই হাতত বন্দুক লৈ নগাৰ বন্যপ্ৰাণী চিকাৰঃ মৌন প্ৰশাসন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FEZIKB
via IFTTT

Comments