জম্মু-কাশ্মীৰত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত নিহত এটা সন্ত্ৰাসবাদী…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিজবেহাৰা এলেকাত উদ্ধাৰ এটা সন্ত্ৰাসবাদীৰ মৃতদেহ। আৰক্ষী নিৰাপত্তাৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত সংঘটিত সংঘৰ্ষত নিহত হয় সন্ত্ৰাসবাদীটো। লগতে আটক কৰা হয় এটা আঘাতপ্ৰাপ্ত সন্ত্ৰাসবাদীক। সন্ত্ৰাসবাদীটোক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
ইফালে, নিহত সন্ত্ৰাসবাদীটোৰ পৰিচয় লাভ কৰিছে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে। বিজবেহাৰাত নিহত এই সন্ত্ৰাসবাদীটোৰ নাম আদিল দাস বুলি জানিব পৰা গৈছে। লগতে আৰক্ষীয়ে সন্ত্ৰাসবাদীটোৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে। আনহাতে, আৰিফ হুছেইন ভট নামৰ আহত সন্ত্ৰাসবাদীটোক আৰক্ষীৰ জিম্মাত ৰখা হৈছে।
The post জম্মু-কাশ্মীৰত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত নিহত এটা সন্ত্ৰাসবাদী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xeY3qz
via IFTTT
Comments
Post a Comment