মুকলি হ’ল কামাখ্যা ধামৰ মূল দ্বাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অম্বুবাচী মেলা উপলক্ষে বন্ধ হৈ থকা গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা ধামৰ মূল দ্বাৰ বুধবাৰে পুৱা ৫-১৫ বজাত মুকলি হয়। তিনিদিন ধৰি বন্ধ থকা এই প্ৰবেশ দ্বাৰখন বৈদিক, ৰীতি-নীতি পৰম্পৰাৰে মুকলি সময়ত অগণন ভক্তৰ সমাগমত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাজ্যপালৰ জগদীশ মুখীৰ লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ইফালে বুধবাৰে বিয়লি ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত দেৱীৰ নিবৃত্তি হয়। তদুপৰি শীঘ্ৰেই মন্দিৰলৈ যোৱা দ্বিতীয় প্ৰৱেশ দ্বাৰ মুকলি কৰাৰ কথা ঘোষণা কৰি বিত্তমন্ত্ৰী গৰাকীয়ে কয়, অসমৰ ১০০০টা পূৰণি আধ্যাত্মিক অনুষ্ঠানলৈ অহা তিনিমাহৰ ভিতৰত অনুদান আগবঢ়োৱা হ’ব। আনহাতে মা কামাখ্যাৰ এই আৰ্শীবাদেৰে দ্ৰুত গতিত অসমৰ বিকাশ হ’ব বুলি ৰাজ্যপাল গৰাকীয়ে কামাখ্যা ধামৰ মূল দ্বাৰ মুকলি অনুষ্ঠানত আশীষ লৈ প্ৰকাশ কৰে।

The post মুকলি হ’ল কামাখ্যা ধামৰ মূল দ্বাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NoIyaC
via IFTTT

Comments