এন. ই. এফ. মহাবিদ্যালয়ত ড০ ৰিংকু বৰাৰ গৱেষণা গ্ৰন্থ ‘Gender and Society’ উন্মোচন

“সমাজৰ পৰা লিংগ বৈষম্য আঁতৰাবলৈ আমি সক্ৰিয় পদক্ষেপ লোৱা উচিত”- ড° ঘনশ্যাম নাথ

ডিজিটেল সংবাদ, গুৱাহাটীঃ “লিংগ বৈষম্যই সমাজৰ গতিশীলতা ৰুদ্ধ কৰি আহিছে ৷ এই অসমতা আঁতৰ কৰিব নোৱাৰিলে একবিংশ শতিকাৰ কল্পনাৰ সমাজখন আমি লাভ কৰিব নোৱাৰিম ৷ সমাজৰ পৰা লিংগ বৈষম্য আঁতৰাবলৈ আমি সক্ৰিয় পদক্ষেপ লোৱা উচিত ৷“ ২৮ জুনত এন. ই. এফ. মহাবিদ্যালয়ৰ আলোচনা গৃহত অনুষ্ঠিত মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী ড° ৰিংকু বৰাৰ নৱতম গৱেষণা গ্ৰন্থ “Gender and Society” উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ, যুক্তিবাদী লেখক, অধ্যক্ষ ড° ঘনশ্যাম নাথে এই মন্তব্য প্ৰকাশ কৰে ৷ এন. ই. এফ. কলেজ অৱ ফাৰ্মাছীৰ অধ্যক্ষ ড° ৰাজা চক্ৰৱৰ্তীয়ে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা উন্মোচনী অনুষ্ঠানটোত লেখিকা ড° ৰিংকু বৰাই গ্ৰন্থখনত আলোচিত বিষয়ৰ সম্যক ধাৰণা ব্যক্ত কৰে ৷
অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জয়ন্ত পাঠকে আঁতধৰা অনুষ্ঠানটোত লেখিকাৰ পৰিচয় দাঙি ধৰে অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা নাচৰিণ বেগমে ৷ এন. ই. এফ. মহাবিদ্যালয়, এন. ই. এফ. কলেজ অৱ মেনজমেণ্টৰ অধ্যাপক-অধ্যাপিকাসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ২০১৮-১৯ বৰ্ষৰ জুনিয়ৰ ফেল’শ্বিপ প্ৰাপক ড° জয়ন্ত পাঠককো সম্বৰ্দ্ধনা জনোৱা হয ৷ গণিত বিভাগৰ সহকাৰী অধ্যাপক অৰিজিত মিশ্ৰই ফেল’শ্বিপ প্ৰাপকৰ পৰিচয় দাঙি ধৰে ৷ দৰ্শন বিভাগৰ মুৰব্বী ড০ পল্লৱী শৰ্মাই বক্তব্য প্ৰদান কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় সমাজশাস্ত্ৰ বিভাগৰ সহকাৰী অধ্যাপিকা ৰাইহানা আজ্মিৰা চুলতানাই।

The post এন. ই. এফ. মহাবিদ্যালয়ত ড০ ৰিংকু বৰাৰ গৱেষণা গ্ৰন্থ ‘Gender and Society’ উন্মোচন appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2KP6aTl
via IFTTT

Comments