কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুস গোয়েলৰ বিশেষ ঘোষণাঃ ৰেলৱেৰ নিযুক্তিত ৫০ শতাংশ মহিলাৰ বাবে সংৰক্ষণ

ডিজিটেল সংবাদ, নতুন দিল্লীঃ কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুস গোয়েলে কেন্দ্ৰীয় চৰকাৰৰ বাজেট ঘোষণা হোৱাৰ প্ৰাক মূহূৰ্তত কৰা এক ঘোষণাই দেশৰ মহিলাসকলৰ মাজলৈ লৈ আহিছে আনন্দৰ সংবাদ৷ ৰেল মন্ত্ৰী পীয়ুস গোয়েলে কৈছে যে, এতিয়াৰে পৰা ৰেলৱে বিভাগত হ’বলগীয়া চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ ৰেল মন্ত্ৰী পীয়ুস গোয়েলৰ ভাস্য মতে ৰেল বিভাগত হ’বলগীয়া ৯ হাজাৰ পদত কনিষ্টবল আৰু ছাব-কনিষ্টবল নিয়োগৰ ক্ষেত্ৰত ৫০ শতাংশ মহিলা প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব৷

The post কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুস গোয়েলৰ বিশেষ ঘোষণাঃ ৰেলৱেৰ নিযুক্তিত ৫০ শতাংশ মহিলাৰ বাবে সংৰক্ষণ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2FDSrKZ
via IFTTT

Comments