কাকডোঙাত কৃতি ছাত্ৰক সম্বন্ধৰ্ণা…

ডিজিটেল সংবাদ, কাকডোঙাঃ গোলাঘাট জিলাৰ বৃহত্তৰ কাকডোঙা অঞ্চলৰ গোহাঁইমেৰত ২০১৪ চনতে স্থাপিত গোহাঁইমেৰ ক্ৰীড়া সন্থাই, জন্মলগ্নৰ পৰাই খেলা ধুলাৰ সামান্তৰালকৈ, অঞ্চলটোৰ শৈক্ষিক, সামাজিক ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰি আহিছে।

গ্ৰাম্য অঞ্চলৰ ছাত্র-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত ক্ৰীড়া সন্থাই সময়ে সময়ে ছাত্র-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। দেওবাৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাকডোঙা জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা,সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, আৰু উচ্চ গণিত লেটাৰ মাৰ্ক সহ প্ৰথম স্থান পাই উত্তীৰ্ণ হোৱা আৰমান তাচকিৰক গোহাঁইমেৰ ক্ৰীড়া সন্থাই গোহাঁইমেৰ প্ৰাথমিক বিদ্যালয়ত শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অভিনন্দন জনাই।

The post কাকডোঙাত কৃতি ছাত্ৰক সম্বন্ধৰ্ণা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NwWbUS
via IFTTT

Comments