বিশ্বকাপ ক্ৰিকেটৰ হাইভল্টেজ মেচত আজি ভাৰত-ইংলেণ্ড

ডিজিটেল সংবাদঃ আজি বিশ্বকাপত ভাৰত-ইংলেণ্ডৰ যুঁজ। বিয়লি ৩ বজাৰ পৰা এডবাষ্টনত অনুষ্ঠিত হ’বলগীয়া হাইপ্ৰফাইল খেলখনক ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে। ইফালে আজি ভাৰতৰ সন্মুখত পৰাজয় মানে ছেমি ফাইনেলত প্ৰৱেশৰ পথ জটিল হ’ব আয়োজক দেশ ইংলেণ্ডৰ। সেয়ে অতি গুৰুত্বপূৰ্ণ মেচখনক লৈ উৎকণ্ঠিত হৈ আছে বিশ্বৰ ক্ৰিকেট অনুৰাগীসকল। ইফালে

আজি বিশ্বকাপত ন-ৰূপত দেখিবলৈ পোৱা যাব টীম ইণ্ডিয়াক। মেন ইন ব্লু’ ৰূপে পৰিচিত কোহলী বাহিনীক আজি দেখিবলৈ পোৱা যাব কমলা আৰু নীলা ৰঙৰ জাৰ্চিত। বহু বিতৰ্কৰ পিছত আজি এই কমলা সাজতে খেলপথাৰত নামিব কোহলী বাহিনী।

The post বিশ্বকাপ ক্ৰিকেটৰ হাইভল্টেজ মেচত আজি ভাৰত-ইংলেণ্ড appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2XeHASF
via IFTTT

Comments