ভোট দিছে নৰেন্দ্ৰ মোডীক আৰু সহায় বিচাৰিছে মোৰ পৰাঃ প্ৰতিবাদকাৰীৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী কুমাৰস্বামী

ডিজিটেল ডেস্কঃ বুধবাৰে কৰ্ণাটকৰ ৰায়চূড়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিল মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামী। স্থানীয় এক সংবাদ মাধ্যমৰ বাতৰি মতে, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ কয়, ‘যোৱা মাহত আপোনালোকে নৰেন্দ্ৰ মোডীক ভোট দিছে। সেয়েহে মই আপোনালোকৰ কোনো সহায় কৰিব নোৱাৰো।’
জানিব পৰা মতে, ৰায়চূড়ৰ এক অনুষ্ঠান অভিমুখে সেই সময়ত গৈ আছিল মুখ্যমন্ত্ৰী কুমাৰস্বামী। সেই সময়তে একাংশ প্ৰতিবাদকাৰীয়ে তেওঁৰ বাহন ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে গাড়ীৰ খিৰিকি নমাই প্ৰতিবাদকাৰীক উদ্দেশ্যি কয়, ‘আপোনালোকে যোৱা মাহত নৰেন্দ্ৰ মোডীক ভোট দিছে…।’
স্থানীয় এক সংবাদ মাধ্যমে প্ৰচাৰ কৰা ভিডিঅ’ত মুখ্যমন্ত্ৰীৰ মুখৰ এই কথাখিনি স্পষ্টভাৱে শুনা গ’লেও বাকী খিনি অস্পষ্ট বাবে বুজাত অসুবিধা হয়। কিন্তু সংবাদ মাধ্যমটোৱে দাবী কৰা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে- ‘আপোনালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভোট দিছে আৰু মই আপোনালোকক সহায় কৰাটো বিচাৰিছে? আপোনালোকে এতিয়া আপোনালোকৰ উপৰত লাঠি চাৰ্জ হোৱাটো বিচাৰে নেকি? আপোনালোকে কি বিচাৰিছে, যে মই মই আপোনালোকক সন্মান কৰিব লাগে?’
ইফালে, মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰিছে বিজেপি। কৰ্ণাটক বিজেপিৰ মহাসচিব ৰবিকুমাৰে মুখ্যমন্ত্ৰী কুমাৰস্বামীক সমালোচনা কৰি কয়, ‘মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্য অশোভনীয়। কোনোৱে বিজেপিক ভোট দিলেই চৰকাৰে তেওঁৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰাটো অযুক্তিকৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এনে শব্দৰ প্ৰয়োগেৰে জনতাৰ সন্মুখত চৰকাৰখনক হেয় প্ৰতিপন্ন কৰাইছে।’
The post ভোট দিছে নৰেন্দ্ৰ মোডীক আৰু সহায় বিচাৰিছে মোৰ পৰাঃ প্ৰতিবাদকাৰীৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী কুমাৰস্বামী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YiQQBM
via IFTTT
Comments
Post a Comment