ছিপাঝাৰত বিদ্যুৎ বিভাগীৰ কৰ্মচাৰীক প্ৰহাৰ…

ডিজিটেল সংবাদ, মঙ্গলদৈঃ দৰঙৰ ছিপাঝাৰত কৰ্তব্যৰত অৱস্থাতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ। ছিপাঝাৰৰ নিৰণছুবা গাঁৱৰ জেহেৰুল ইছলাম নামৰ এগৰাকী বৰফ ব্যৱসায়ীয়ে প্ৰহাৰ কৰে ফাইজুদ্দিন আহমেদ আৰু তাইজুদ্দিন আহমেদ নামৰ দুগৰাকীকৈ কৰ্মচাৰীক।
অভিযুক্ত জেহেৰুলে কৰ্মচাৰী দুগৰাকীক প্ৰহাৰ কৰাৰ উপৰিও পিন্ধনৰ কাপোৰ পৰ্যন্ত ফালি-চিৰি পেলাই।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অবৈধ বিদ্যুৎ সংযোগৰ দ্বাৰা বৰফৰ ফেক্টৰী চলাই আহিছিল অভিযুক্ত লোক গৰাকীয়ে ।বৃহস্পতিবাৰে সেই ফেক্টৰীটো পৰিদৰ্শনৰ বাবে ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।
তাৰ পিছত ছিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰীয়ে আৰক্ষীৰ সহায়ত ফেক্টৰীত ব্যৱহৃত সামগ্ৰী জব্দ কৰে।আনহাতে এনে কৰ্তব্যৰত অৱস্থাত বিভাগীয় কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত স্থানীয় ছিপাঝাৰ আৰক্ষী স্থানত এজাহাৰ দাখিল কৰিব বুলি উপ সংমণ্ডল বিষয়া গৰাকীয়ে জানিব দিয়ে ।
The post ছিপাঝাৰত বিদ্যুৎ বিভাগীৰ কৰ্মচাৰীক প্ৰহাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RCsyA2
via IFTTT
Comments
Post a Comment