বাংলাদেশৰ সৈতে সুসম্পৰ্ক! বৰাকৰ পৰা নদী পথেৰে অচিৰেই চলিব জাহাজঃ চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা

ডিজিটেল সংবাদ, শিলচৰঃ ‘চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ সৈতে ব্যৱসায় বানিজ্য উন্নত কৰিবলৈ বাংলাদেশ আৰু বৰাক উপত্যকাৰ মাজত অচিৰেই নদী পথেৰে জাহাজ চলাচল আৰম্ভ হব। বৃহতাকাৰৰ জাহাজ চলাচল কৰাৰ উদ্দেশ্যে ইতিমধ্যে বৰাক নদী খনন সম্পূৰ্ণ কৰা হৈছে। বাংলাদেশত অন্তৰ্ভুক্ত হোৱা বৰাক আৰু ব্রহ্মপুত্র নদী খননৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে ২৫০ কোটি টকা বাংলাদেশক মোকলাই দিছে।’ এই মন্তব্য ৰাজ্যৰ পৰিবহন, উদ্যোগ আৰু বানিজ্য মন্ত্রী চন্দ্র মোহন পাটোৱাৰীৰ।

প্রধান মন্ত্রীৰ এক্ট ইষ্ট পলিছিৰ অন্তৰ্গত ‘সম্পৰ্ক যাত্রা’ কাৰ্যসূচীৰে বাংলাদেশ ভ্রমণ কৰি শুকুৰবাৰে শিলচৰত উপস্থিত হোৱা অসমৰ ৩২ জনীয়া দলটোৰ নেতা চন্দ্র মোহন পাটোৱাৰীয়ে শিলচৰৰ উপায়ুক্তৰ কাৰ্যলয়ত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই মন্তব্য কৰে। বৰাকৰ চেম্বাৰ অফ কমাৰ্ছ, শিল্পপতি, ট্রেভেল এজেঞ্চী, পৰিবহন সংস্থা সমূহৰ নেতৃবৰ্গৰে হোৱা আলোচনা সভাত মন্ত্রী পাটোৱাৰীয়ে বৰাক উপত্যকাত আন্তৰ্জাতিক মানদণ্ডৰ এটি বিমানকোঠ স্থাপনৰ বাবে চৰকাৰে বিবেচনা কৰি থকা বুলিও সদৰি কৰে। তদুপৰি, চুবুৰীয়া দেশ সমূহৰ সৈতে ব্যৱসায় বানিজ্য উন্নত কৰাৰ উদ্দেশ্যে বৰাকত কেবাটাও শিল্প প্রতিষ্ঠান গঢ়ি তোলা হ’ব বুলি আশ্বাস দিয়ে পাটোৱাৰীয়ে৷

ৰাজ্য চৰকাৰৰ কে’বাগৰাকী শীৰ্ষ আমোলা আৰু বিধায়ক উপস্থিত থকা এই বৈঠকত মন্ত্রীগৰাকীৰ কথা শুনি মুঠেও আশ্বস্ত হোৱা নাই বৰাকৰ শিল্পপতি আৰু ব্যৱসায়ীসকল । বৰাকত বাংলাদেশৰ দৰে শিল্পদ্যোগ গঢ়ি তুলিবলৈ মন্ত্রীগৰাকীয়ে দিয়া আশ্বাসৰ পিচতে ব্যৱসায়ী আৰু শিল্পপতি সকলে বৰাকত সঘনাই দেখা দিয়া বিদ্যুতৰ সমস্যাৰ কথা দাঙি ধৰে। তদুপৰি, বৰাকৰ বিধস্ত পথ আৰু অন্যান্য সমস্যা সমূহৰ বিষয়েও মন্ত্রীগৰাকীক অবগত কৰে। আনহাতে, বৰাকত উৎপাদিত চাহপাত বাংলাদেশলৈ ৰপ্তানি কৰাৰ বাবে ভাৰত চৰকাৰে বাংলাদেশৰ লগত চুক্তি কৰাৰো পৰামৰ্শ দিয়ে ব্যৱসায়ীসকলে৷

উল্লেখ্য যে শিলচৰৰ পৰা অসমৰ এই প্রতিনিধি দলটো শনিবাৰে কুম্ভীৰগ্রাম বিমান কোঠৰ পৰা কলকতা আৰু কলকাতাৰ পৰা পোনো পোনে ম্যানমাৰৰ ৰাজধানী ৰেংগুইনলৈ যাত্রা কৰে।

The post বাংলাদেশৰ সৈতে সুসম্পৰ্ক! বৰাকৰ পৰা নদী পথেৰে অচিৰেই চলিব জাহাজঃ চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XcAYEm
via IFTTT

Comments