আজি বিশ্বকাপৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰাৰ চেষ্টা চলাব ভাৰতে

ডিজিটেল সংবাদঃ আজি  অনুষ্ঠিত হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত হাই ভল্টেজ মেচ। মানচেষ্টাৰত হ’বলগীয়া এই মেচখনক লৈ এতিয়া গভীৰ আত্মবিশ্বাসী দুয়োটা দলেই। বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ ৮ বাৰ মুখামুখি হৈছে। য’ত ভাৰতে পাঁচবাৰ জয়ী হোৱাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজ জয়ী হৈছে ৩ বাৰ। ভাৰতে ১৯৯৬ চনৰ বিশ্বকাপতে বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেষবাৰৰ কাৰণে পৰাস্ত হৈছিল।

কিন্তু এতিয়া মেচখনক লৈ এতিয়া চিন্তিত দেখা গৈছে ভাৰতীয় দলক। কাৰণ ৰানৰ বাবে এতিয়া সংঘৰ্ষ কৰিব লগীয়া হৈছে এম এছ ধোনীকে ধৰি বহুকেইগৰাকী আগশাৰীৰ খেলুৱৈয়ে। কেৱল ৰোহিত শৰ্মা আৰু অধিনায়ক বিৰাট কোহলীয়ে ৰক্ষা কৰিছে ধাৰাবাহিকতা। ৰোহিত আৰু কোহলীক বাদ দি আন সকলে ধৰি ৰাখিব পৰা নাই ধাৰাবাহিক ফৰ্ম।

সেইদৰে ৱেষ্ট ইণ্ডিজেও এতিয়ালৈকে মাত্ৰ এখন খেলতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে। তথাপিও যিকোনো সময়ত ৱেষ্ট ইণ্ডিজে কৰিব পাৰে দুৰ্দান্ত প্ৰদৰ্শন। কেৰেবিয়ান বেটচনমেনে ফৰ্ম ধৰি ৰাখিলে ভাৰতৰ বাবে সৃষ্টি হ’ব পাৰে সমস্যাৰ। আজি অনুষ্ঠিত হ’বলগীয়া মেচখনত মূল একাদশত ভূৱনেশ্বৰ কুমাৰে স্থান পাবনে মহম্মদ স্বামীয়ে স্থান পাব সেইলৈ এতিয়াও সিদ্ধান্তত উপনীত হ’ব পৰা নাই ভাৰতীয় টিম মেনেজমেণ্ট।

The post আজি বিশ্বকাপৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰাৰ চেষ্টা চলাব ভাৰতে appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2FEgQAi
via IFTTT

Comments