৫৮ গৰাকী ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ পাকিস্তানৰ…

ডিজিটেল ডেস্কঃ মহাৰাজা ৰণজিৎ সিঙৰ পূণ্যতিথি উপলক্ষ্যে গুৰুদ্বাৰ দৰ্শন কৰিব বিচৰা ৫৮ গৰাকী ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে পাকিস্তানে। পাকিস্তানৰ এক সংবাদ সূত্ৰই বুধবাৰে সদৰি কৰা মতে, পাকিস্তানৰ গুৰুদ্বাৰলৈ তীৰ্থভ্ৰমণ কৰিবলৈ বিচৰা ৫৮ গৰাকী তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰা নহয়।

ইফালে শিৰোমণি গুৰুদ্বাৰ আয়োজক সমিতিৰ সচিব মঞ্জিত সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, গুৰুদ্বাৰ দৰ্শনৰ বাবে ভাৰতৰ পৰা ২৮২ গৰাকী তীৰ্থযাত্ৰীৰ ভিছাৰ বাবে আবেদন কৰা হৈছিল। কিন্তু ইয়াৰে ২২৪ গৰাকীকহে ভিছা প্ৰদান কৰিছে পাকিস্তানে। বাকী ৫৮ গৰাকীক কি কাৰণত ভিছা প্ৰদান কৰা হোৱা নাই সেয়া এতিয়াও অস্পষ্ট হৈ আছে।

উল্লেখ্য যে, ভাৰতৰ এই তীৰ্থযাত্ৰীসকলে বৃহস্পতিবাৰে এক বিশেষ ৰে’লেৰে পঞ্জাৱৰ অটাৰীৰ পৰা পাকিস্তানলৈ ৰাওনা হ’ব। ইয়াৰ মাজতে ভিছা প্ৰদানৰ বাবে অস্বীকাৰ কৰা তীৰ্থ যাত্ৰীসকলে বুধবাৰে শিৰোমণি গুৰুদ্বাৰ আয়োজক সমিতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

The post ৫৮ গৰাকী ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ পাকিস্তানৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZTGzft
via IFTTT

Comments